Assam: ফেচবুক- ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকিৰ সম্মুখীন হয় তৰুণ

তিনিজনৰ এজন চাইবাৰ উৎপীড়নৰ বলি

SOCIAL MEDIA

Assam :

ৰাজ্যৰ ৯৫ শতাংশ যুৱক-যুৱতীয়ে শাৰীৰিক শাস্তিৰ ফলত বিভিন্ন মানসিক সমস্যাত ভুগে। তদুপৰি প্ৰতি তিনিজন যুৱক-যুৱতীৰ ভিতৰত এজন চাইবাৰ উৎপীড়নৰ বলি হয়। ৰাজ্যৰ অধিকাংশ তৰুণ চামক ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ভাবুকি দিয়া হয়।

অসমৰ ২৪ খন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানত চলোৱা এক জৰীপত এই তথ্য ফাদিল হৈছে। ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ)ত ন হেজাৰ পাঁচশ স্বেচ্ছাসেৱকে অসমত এই জৰীপ চলাইছিল। এই জৰীপ চলোৱা হৈছে ইউনিচেফ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ প্ৰচেষ্টাত।

জৰীপত লাভ কৰা তথ্য অনুসৰি অসমৰ ৯৫ শতাংশ তৰুণে শাৰীৰিক দণ্ড লাভৰ ফলত মানসিক স্বাস্থ্য সম্পর্কীয় সমস্যাত আক্রান্ত হয়। সমীক্ষা অনুসৰি ৩৫ শতাংশ তৰুণ নিজ ঘৰতে দৈহিক শাস্তিৰ সন্মুখীন হয়।

একেদৰে ২৫ শতাংশই কয় যে তেওঁলোকে বিদ্যালয়ত আৰু আন ১৪ শতাংশই ব্যক্তিগত ক’চিং চেণ্টাৰ অথবা ক্রীড়াথলী আদিৰ দৰে অন্যান্য স্থানত শাৰীৰিক শাস্তিৰ সন্মুখীন হয় বুলি জৰীপত কয়। ইপিনে, ২৬ শতাংশই শাৰীৰিক শাস্তিৰ সন্মুখীন হয়। তদুপৰি কয় যে অধিকাংশ প্রচলিত শাৰীৰিক শাস্তি হ’ল হাতত প্ৰহাৰ কৰা, কোবোৱা আদি।

৬৭ শতাংশ শাস্তিৰ ধৰণ এনেধৰণৰ বুলি সমীক্ষাত কোৱা হৈছে। তদুপৰি মুখেৰেও নির্যাতন (১৬ শতাংশ) চলোৱা হয়। তেওঁলোকক বিভিন্ন ধৰণৰ গালি-গালাজ কৰা হয় অথবা চিঞৰ-বাখৰ কৰা হয়। এনে শাৰীৰিক দণ্ডৰ সন্মুখীন হোৱা ৬০ শতাংশ স্বেচ্ছাসেৱকে কয় যে এনেবোৰ ঘটনাই তেওঁলোকৰ সামাজিক সম্পৰ্কত নেতিবাচক প্রভাৱ পেলাইছে।

এনে শাৰীৰিক শাস্তিৰ সন্মুখীন হোৱাৰ ফলত ২৪ শতাংশই মানসিক চাপ, উদ্বেগ আৰু ভীতিগ্ৰস্ততাত ভুগে। ২৭ শতাংশ শাৰীৰিকভাৱে আঘাতপ্রাপ্ত হয় বুলি প্রতিবেদনত কোৱা হৈছে। তদুপৰি ৰাজ্যখনৰ অর্ধেক সংখ্যক তৰুণক অজ্ঞাত লোকে অনলাইনযোগে ভাবুকি প্রদান কৰে। চাইবাৰ উৎপীড়নৰ ফলত যুৱক-যুৱতীসকলৰ অর্ধেক সংখ্যকে কয় যে তেওঁলোকে অজ্ঞাত লোকৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হোৱাৰ বিপৰীতে ১২ শতাংশ সহপাঠীৰ দ্বাৰা আৰু ১৪ শতাংশই বন্ধুবৰ্গৰ দ্বাৰা চাইবাৰ উৎপীড়নৰ সন্মুখীন হয়।

৩৬ শতাংশই কয় যে এনে অত্যাচাৰৰ বাবে সর্বাধিক ব্যৱহৃত প্লেটফৰ্ম হৈছে ফেচবুক। চাইবাৰ উৎপীড়নৰ বাবে অসমত ব্যৱহৃত হোৱা আন এটা সামাজিক মাধ্যম হৈছে ইনষ্টাগ্রাম (২৫ শতাংশ)। এনে উৎপীড়ন চলোৱাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ব্যৱহৃত হোৱা প্ৰকাৰ হৈছে সামাজিক মাধ্যমত মিছা কথা বিয়পোৱা, সন্মান হানিকৰ ফটো বা ভিডিঅ’ প্ৰচাৰ (৩৫ শতাংশ)।

চাইবাৰ উৎপীড়নৰ ক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহৃত আন এটা প্ৰকাৰ হৈছে শাৰীৰিক অৱয়বৰ প্ৰকাশ। ইউনিচেফৰ অসমৰ মুৰব্বী ড° মধুলিকা জনাথে কয় যে যুৱ প্ৰজন্মৰ বিকাশৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অসম চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ পৰিপ্ৰেক্ষিতত ইউনিচেফ অসমে অসমৰ যুৱ প্ৰজন্মৰ স’তে বিশেষকৈ আটাইতকৈ দুর্বল লোকসকলৰ স’তে কাম কৰি আহিছে ।

তৰুণৰ ক্ষেত্ৰত দেখা গৈছে যে এনে অত্যাচাৰৰ বাবে সৰ্বাধিক উমৈহতীয়া মঞ্চৰূপে ব্যৱহাৰ কৰা হয় ফেচবুকক। ইয়াৰ পাছতে ২৫ শতাংশ ইনষ্টাগ্ৰামত এই ধৰণৰ নিগ্ৰহৰ সন্মুখীন হয়। এনে ভাবুকি প্রদান বা গালি গালাজৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন উমৈহতীয়া প্ৰকাৰসমূহৰ ভিতৰত আছে মিছা কথা বিয়পোৱা, ছ’চিয়েল মিডিয়াত সন্মান হানিকৰ, ফটো অথবা ভিডিঅ’ প্রকাশ (২৫ শতাংশ)।

Exit mobile version