Bhowraguri  : ভাওঁৰাগুৰীত ৩৪ বস্তা পিডিএছৰ চোৰাং চাউলসহ এজনক আটক

3c812f02 876d 4f47 a9af 0a3e562bdc28

Bhowraguri :

গোসাইগাও মহকুমাৰ ভাওঁৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত কুৰ্শামাৰীত ভাওঁৰাগুৰী আৰক্ষীয়ে নিশা পেট্ৰলিং কৰি থকা অৱস্থাত পুৱতি নিশা তিনি বজাত ডাব্লিও বি ৬৯ এ ২৭০৩ নম্বৰৰ পিডিএছৰ চোৰাং চাউল ভৰ্তি এখন বলেৰো পিকআপ ভান জব্দ কৰে।

বাহন খনৰ পৰা ৩৪ বস্তা পিডিএছৰ চোৰাং চাউল উদ্ধাৰ কৰাৰ লগতে চালক পশ্চিমবঙ্গৰ বাৰোবিশাৰ মনোজ সৰকাৰক গ্ৰেপ্তাৰ কৰে।

তথ্য অনুসৰি চাউলখিনি পশ্চিমবংগৰ কামাখ্যাগুৰিলৈ সৰবৰাহ কৰি আছিল ।

Exit mobile version