Centre withdraws export duty : ছমাহতেই ষ্টিলত জাৰি কৰা ৰপ্তানি শুল্ক প্ৰত্যাহাৰ কৰিলে কেন্দ্র‌ই

NPIC 20221119145134

Centre withdraws export duty :

ছমাহ পূৰ্বে লোৱা সিদ্ধান্ত হঠাৎ প্ৰত্যাহাৰ কৰিলে কেন্দ্র‌ই । শনিবাৰে ষ্টিল আৰু কেঁচা পণ্যত থকা ৰপ্তানি শুল্ক প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰ‌ই । যোৱা মে’ত কেন্দ্রৰ তৰফৰ পৰা এই পণ্যবোৰত বৃহৎ পৰিমাণৰ শুল্ক জাপি দিয়া হয় । দেশৰ উৎপাদক সংস্থাসমূহে যাতে যথেষ্ট পৰিমাণে লো আউ অন্য কেঁচামালৰ যোগান পায়, তাৰ বাবে শুল্কৰ সিদ্ধান্ত, জনাইছিল কেন্দ্র‌ই । লগতে বিত্তমন্ত্ৰণালয়ৰ দাবী আছিল, এই পণ্যবোৰত কৰ নথকাৰ কাৰণে দেশজুৰি সামগ্ৰীৰ দাম বাঢ়িছে । আজি লগতে ষ্টিল আৰু ষ্টিলৰ কেঁচা পণ্যত জাৰি কৰা আমদানি ৰাজসাহায্য‌ও প্ৰত্যাহাৰ কৰা হয় ।

ৰপ্তানি শুল্ক হ্ৰাস কৰাৰ বিষয়ত চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলি বিগত ছেপ্টেম্বৰচ হিন্দুস্তান টাইমছে জনাইছিল । শনিবাৰে মন্ত্রণালয়ে জনায়, ষ্টিল আৰু কেঁচাপণ্য সম্প্ৰতি দেশৰ ভঁৰালত যথেষ্ট পৰিমাণে মজুত আছে । সেয়ে এনে সিদ্ধান্ত লোৱা হৈছে । লগতে বিত্তমন্ত্রণালয়ে স্বীকাৰ কৰে, ৰপ্তানি শুল্ক জাৰি কৰাৰ বাবে ৰপ্তানি হ্ৰাস পাইছে ‌।

নাম প্রকাশত অনিচ্ছুক কেন্দ্রৰ দুই আধিকাৰীয়ে জনায়, অক্টোবৰত ৰপ্তানিৰ হাৰ হ্ৰাস পোৱাৰ বৃহৎ কাৰণ আছিল ৰপ্তানি শুল্ক ।

মে’ত কেন্দ্রৰ তৰফৰ‌ পৰা ষ্টিল আৰু বিভিন্ন কেঁচাপণ্যত ১৫ৰ পৰা ৪৫ শতাংশ পর্যন্ত কৰ জাৰি কৰা হৈছিল । সেয়ে এপ্রিলৰ পৰা অক্টোবৰ, এই সাত মাহৰ ভিতৰত ৭২ শতাংশ কমি ৰপ্তানি কমি যায় । আনহাতে, সাত মাহত লো আৰু কেঁচাপণ্যৰ আমদানি বাঢ়িছে ৩১ শতাংশ । বিগত বছৰৰ তুলনাত চলিত বছৰত মুঠ তিনি বিলিয়ন ডলাৰ অধিক আমদানি হৈছে ।

অৱশ্যে প্ৰশ্ন হয় ইয়াৰ পৰা কিমান লাভ হ’ল । শুল্ক জাৰি কৰাৰ এমাহৰ ভিতৰত ১৬.৬৫ শতাংশ ৰপ্তানি কমি গৈছে । আৰম্ভণিতে ইঞ্জিনিয়াৰিং দ্রব্যৰ ৰপ্তানিও ২১ শতাংশ কমি গৈছিল । অৱশ্যে ইমান কমাৰ বাবে বিশ্বৰ বৰ্তমানৰ অর্থনৈতিক অৱস্থাও কিছু পৰিমাণে দায়ী। ।

Exit mobile version