Elon Musk : আৰু কৰ্মচাৰী ছাটাই নকৰে , এইবাৰ নিয়োগৰ পথত টুইটাৰ, জনালে ইলন মাস্কে

Elon Musk :

টুইটাৰলৈ অহাৰ পিছৰে পৰা, নতুন মালিক এলন মাস্কে কোম্পানীটোত নিৰন্তৰ আভ্যন্তৰীণ পৰিৱৰ্তন কৰি আহিছে। যোৱা কেইসপ্তাহমানত, তেওঁ টুইটাৰৰ দুই-তৃতীয়াংশ কৰ্মচাৰীক ছাটাই কৰিছে।

সাত হেজাৰ ৫০০ কৰ্মচাৰীক ছাটাই কৰাৰ পাছত, কোম্পানীৰ কৰ্মচাৰীসকলে ইলনৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ইলন মাস্কে পুনৰ এটা নতুন পৰিকল্পনাৰ স’তে উপস্থিত হৈছে।

‘দ্য ভাৰ্জ’ সংবাদ সংস্থাৰ মতে, ইলন টুইটাৰ কৰ্মচাৰীসকলৰ স’তে এখন বৈঠকত বহিছে । সেই বৈঠকত, তেওঁ সিদ্ধান্ত লৈছিল যে আৰু কোনো কৰ্মচাৰীক ছাটাই নকৰে ।

ইয়াৰ পৰিৱৰ্তে, টুইটাৰ কোম্পানীয়ে কৰ্মচাৰী নিয়োগ কৰা আৰম্ভ কৰিব বুলি তেওঁ জনাই । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইলনে টুইটাৰৰ অভিযান্ত্ৰিক আৰু বিক্ৰী বিভাগত কৰ্মচাৰী নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

আনকি, তেওঁ কোম্পানীৰ আন কৰ্মচাৰীসকলক খালী পদৰ বাবে উপযুক্ত কৰ্মচাৰী বিচাৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে, কোম্পানীটোৱে আনুষ্ঠানিকভাৱে খালী পদটো ঘোষণা কৰা নাই। “যিসকল ছফ্টৱেৰত অভিজ্ঞ তেওঁলোকক ইয়াত প্ৰথম সুযোগ দিয়া হ’ব। ”

মাস্কে টুইটাৰ কোম্পানীৰ মুখ্য কাৰ্যালয় স্থানান্তৰ কৰাৰ বিষয়েও মুকলিকৈ ক’লে। তথ্য অনুসৰি ইলনে কোম্পানীৰ মুখ্য কাৰ্যালয় টেক্সাছলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত ইলনে কয় যে তেওঁ এতিয়ালৈকে এই বিষয়ত কোনো চিন্তা কৰা নাই।

Exit mobile version