Assam-Meghalaya Incident update : মেঘালয়ত আৱদ্ধ অসম সহ বহিঃৰাজ্যৰ অৰ্ধ শতাধিকখন

আবদ্ধ কে'বাগৰাকী বিদেশী পৰ্যটক

t0s8tn8 assam meghalaya border

Assam-Meghalaya Incident update :

পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ পিছতে সীমান্ত অব্যাহত আছে চেপা উত্তেজনা ৷ গুৱাহাটী মহানগৰীৰ পাশ্বৰ্ৱতী যোৰাবাটত অসম আৰক্ষীয়ে মেঘালয়ৰ পঞ্জীয়নকৃত বাহনৰ বাহিৰে অসমৰ পৰা যোৱা বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। একেদৰে উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে ।

যোৱা কালি নিশা অসমৰ পৰা যোৱা এখন বাহন শ্বিলঙত খাচী দুৰ্বৃত্তই জ্বলাই দিয়াৰ লগতে কেতবোৰ স্থানত অসমৰ পঞ্জীয়নকৃত চলন্ত বাহনলৈ শিলগুটি নিক্ষেপ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷

চেৰী উৎসৱ চাবলৈ ৰাজধানী চহৰখনত অসম আৰু বহি:ৰাজ্যৰ বহু সংখ্যক পৰ্যটক গৈছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে পৰ্যটক লগতে বাহন মেঘালয়ত আৱদ্ধ হৈ আছে। প্ৰাপ্ত খবৰ মতে চেৰাপুঞ্জীত অসমৰ ৭খন বাহন আৰু পশ্চিম শ্বিলংত ম অসমৰ এটা শিল্পী দল আৱদ্ধ হৈ আছে ৷ একেদৰে উত্তৰ- পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয় চমুকৈ নেহুত তিনিগৰাকী বিদেশী পৰ্যটক আৱদ্ধ হৈ আছে ।

শেহতীয়া এক খবৰ অনুসৰি আজি সংঘৰ্ষ জৰ্জৰিত মুক্ৰ’ অঞ্চলৰ সৱিশেষ বুজ লবলৈ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ এটা সজাতি দল মেঘালয়লৈ যাব ।

চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয় কনৰাড চাংমাইও মুক্ৰ’ অঞ্চলটো পৰিদৰ্শন কৰাৰ কথা । সম্প্ৰতি সীমান্তৱৰ্তী মুক্ৰ’সহ সীমামুৰীয়া স্পৰ্শকাতৰ অঞ্চল সমূহত মোতায়েন কৰা হৈছে আৰক্ষী–চি আৰ পি এফৰৰ বৃহৎ দল ।

উল্লেখ্য যে, মঙলবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহ কৰা ট্ৰাক এখন জব্দ কৰিবলৈ যোৱা অসম আৰক্ষী আৰু বনৰক্ষী দল এটাৰ স’তে মুকলি সংঘাতত লিপ্ত হয় খাচী দুৰ্বৃত্ত ই ৷ আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতেে নিহত হয় পাঁচজন খাচী দুৰ্বৃত্ত৷ আনহাতে খাচী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় এজন অসম বন বিভাগৰ বনৰক্ষী ৷

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে অসম আৰক্ষীক দোষাৰোপ কৰাৰ লগতে ঘটনাৰ সৱিশেষ গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰে ৷

সন্ধিয়া ভাগলৈ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰাই বুজ লয় ৰাজ্য প্ৰশাসনৰ পৰা৷ ঘটনাটোত গাফিলতি কৰাৰ অভিযোগত গৃহ বিভাগে পশ্চিম কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক শাস্তিমুলক বদলি কৰাৰ লগতে জিৰিকিন্দিং আৰক্ষী থানাৰ অ’চি কাজল নাথক নিলম্বন কৰে৷ একেদৰে বহু কেইগৰাকী আৰক্ষী আৰু বন বিষয়া- বনৰক্ষীকো ৰিৰ্জাভ ক্লজ কৰিছে ৷

আনহাতে ঘটনাটোৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশক দায়িত্ব দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত মেঘালয়ৰ পাঁচজন আৰু অসমৰ এজনৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্য দিয়াৰ কথাও সদৰি কৰে ৷

ইপিনে, মেঘালয় চৰকাৰে ঘটনা সন্দৰ্ভত নিয়া আৰু চিবিআইৰ দ্বাৰা তদন্তৰ দাবী কৰি এই ঘটনাৰ তদন্ত  কেন্দ্ৰীয় সংস্থা দুটাই নোলোৱাকৈ মেঘালয় চৰকাৰে ‘বিশেষ তদন্তকাৰী দল’গঠন কৰিব ৷ এই সমস্ত ঘটনাৱলীৰ বিষয়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক অৱগত কৰি গোচৰ তৰাৰ সিদ্ধান্ত লয় মেঘালয় কেবিনেটে ৷

তদুপৰি ৩০ নৱেম্বৰলৈ মেঘালয়ৰ সকলো চৰকাৰী আৰু বেচৰকাৰী সকলোবোৰ অনুষ্ঠান বাতিল কৰাৰ লগতে ৪৮ ঘন্টাৰ বাবে সাত জিলাত ইন্টাৰনেট কৰ্তন কৰে ৷ উল্লেখ্য যে যোৱাকালি সন্ধিয়া শ্বিলংত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল জৰুৰী কেবিনেট বৈঠক ৷

চাৰিশ বছৰীয়া লাচিত দিৱসৰ মহাআয়োজন বাবে বৰ্তমান দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷বৈঠকে ঘটনাৰ বাবে ন্যায়িক তদন্তৰ লগতে ঘটনাটো চিবিআইক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,চোৰাং কাঠ ভৰ্তি ট্ৰাক খন জব্দ কৰিবলৈ গৈ আৰক্ষীয়ে হঠাতে গুলী চালনা কৰা ঘটনা অতি দুৰ্ভাগ্যজনক ৷আনহাতে দুয়ো ৰাজ্যৰ সীমাবিবাদ বুলি একাংশ সংবাদ মাধ্যমত যি ওলোৱা বাতৰি ওলাইছে ৷ সেয়া ভুল বাতৰি ৷ এয়া অনাকাংক্ষিত ঘটনা৷ইতিমধ্যে ঘটনাৰ বাবে দোষী আৰক্ষীৰ ওপৰত শাস্তিমুলক ব্যৱস্থা লোৱা হৈছে বশলি সদৰি কৰে ৷

Exit mobile version