Child :
এটি শিশু ভৱিষ্যতৰ নাগৰিক । সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ এজন সফল নাগৰিক হ’ব পাৰিব । শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন । ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয় । গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই সাতটা গুণ শিকোৱা একান্তই আৱশ্যক ।
১/ সহযোগিতা : সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস সৰুৰে পৰা এটি শিশুক শিকাব লাগে । যিহেতু ই হৈছে এক অপৰিহাৰ্য মানৱীয় বৈশিষ্ট্য । যি ভৱিষ্যতলৈ শিশুটিক সকলোৰে লগত সহযোগ কৰাৰ ক্ষমতা প্ৰদান কৰিব । সহযোগিতা হৈছে সম্প্ৰীতিৰ পৰিচয় । সম্প্ৰীতিৰ অবিহনে কেতিয়াও এখন সমাজত শান্তি -শৃংখলা অটুট নেথাকে ।
২/ ভাগ-বতৰা কৰা : মানুহ সামাজিক প্ৰাণী । সমাজত বাস কৰিবলৈ প্ৰতিজন মানুহে ভাগ-বতৰা কৰা মনোভাৱ থাকিব লাগে । গতিকে এটি শিশুক সৰু অৱস্থাতেই যিকোনো বস্তু ভাগ-বিতৰণ কৰি খোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে । যি অভ্যাসে মানুহক সমাজমুখী হোৱাত সহায় কৰে ।
৩/ শুনাৰ অভ্যাস : এটি শিশুক প্ৰথমৰ পৰাই আনৰ কথা শুনিবলৈ শিকাব লাগে । জীৱনত যিকোনো ক্ষেত্ৰতে অহা সমস্যাৰ মুখামুখি হ’বলৈ প্ৰথমে শুনি মন্তব্য দিলে , বিপদত পৰাৰ ভয় নেথাকে । যি অভ্যাসে শিশুটিক ধৈৰ্য আৰু সহনশীল হ’বলৈও শিক্ষা দিব লগতে এই অভ্যাসে এজন ভাল মানুহ হোৱাটো সহায় কৰিব।
৪/ সামাজিকতা : শিশুক আন মানুহৰ লগত মিলা-প্ৰীতিৰে সহবাস কৰিবলৈ শিকাব লাগে । আনৰ কথাত বাধা নিদি আনৰ মতামতক সন্মান কৰিব শিকালে ভৱিষ্যতে সমাজৰ সৈতে মিলি থকাতো সুবিধা হয় ।
৫/ চাপৰ সন্মুখীন হ’বলৈ শিকাব লাগে : সৰুতেই শিশুক চাপৰ সৈতে মোকাবিলা কৰিবলৈ শিকাব লাগে । যিহেতু মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই আহে । দুখৰ চাপ সহ্য কৰিব পাৰিলেহে সুখ প্ৰাপ্তি হয় । কোনো কাৰণত মন ভাৰাক্ৰান্ত হলে শান্ত কৰিবলৈ চাপ অতিক্ৰম কৰিবই লাগিব ।
৬/ অনুপ্ৰাণিত কৰা : অনুপ্ৰাণিত কেৱল নিজৰ শিশুকে নহয় । আনৰ কামকো অনুপ্ৰাণিত কৰিবলৈ শিশুক সৰুৰে পৰা শিকাব লাগে । সৰুতে এই শিক্ষা পালে ভৱিষ্যতলৈ অহা কঠিন সময়ক সহজে অতিক্ৰম কৰিব পাৰিব ।
৭/ আনক তুচ্ছ-তাচ্চিল্য কৰিব নেলাগে : শিশু অৱস্থাৰ পৰাই আপোনাৰ শিশুটিক আনক তুচ্ছ-তাচ্চিল্য কৰিবলৈ নিদিব । আনক তুচ্ছ-তাচ্চিল্য কৰা যে বেয়া , সেইকথা সৰুতেই শিকাব লাগে ।
বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেনটো শিশুক শিকাবলগীয়া মূল সাতটা বিষয়ৰ ওপৰতহে আলোকপাত কৰোৱা হৈছে ।
ইয়াৰোপৰি এনে বহুত অভ্যাস আছে, যিবিলাক শিশুক শিকোৱাৰ প্ৰয়াস কৰিলে, ভৱিষ্যতলৈ নিসন্দেহে আপোনাৰ শিশুটো বৰ্তমানৰ যুগৰ সৈতে খাপ খাবলৈ সহজ হ’ব ।