FIFA World Cup 2022 : কোন দুটা দলে বিশ্বকাপ ফাইনেল খেলিব ?

ভৱিষ্যতবাণী আধুনিক নষ্ট্ৰাডামুৰ

WhatsApp Image 2022 11 23 at 14.15.59

FIFA World Cup 2022 :

ক’ভিড -১৯ পেনডেমিক, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, ব্ৰিটেইনৰ ৰাণীৰ মৃত্যু, এইসকলো ঘটনাৰ ভৱিষ্যতবাণী আখৰে -আখৰে ফলিয়ালে । এইবাৰ কাটাৰ বিশ্বকাপক লৈ ভৱিষ্যতবাণী কৰিছে আধুনিক নষ্ট্ৰাডামুয়ে । “দ্যা লিভিং নষ্ট্ৰাডামু ।” এই নামেৰে পৰিচিত ব্ৰাজিলৰ জ্যোতিষী, ভৱিষ্যত বক্তা এই ৩৬ বয়সীয়া এথ্যোচ চাল’মি ।

চাল’মিৰ প্ৰায়খিনি ভৱিষ্যতবাণী আখৰে-আখৰে ফলিওৱা বিশ্ববাসীয়ে দেখিছে । বিশেষকৈ ক’ভিড -১৯ , ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ভৱিষ্যতবাণী কৰিছিল এইজন আধুনিক নষ্ট্ৰাডামুয়ে । ইয়াৰপিছতে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ মৃত্যু হ’ব বুলি কোৱা ভৱিষ্যতবাণীও সঁচা প্ৰমাণিত হৈছিল ।

পুনৰ এইবাৰ চলিত কাটাৰ বিশ্বকাপ ২০২২ ওপৰত এইজন আধুনিক নষ্ট্ৰাডামুয়ে ভৱিষ্যতবাণী কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে । অৰ্থাৎ ১৮ ডিচেম্বৰ লুচেইল ষ্টেডিয়ামত কোন দুটা দলে বিশ্বকাপৰ চূড়ান্ত খেল খেলিব ? এই সন্দৰ্ভত এথ্যোচ চাল’মিয়ে ভৱিষ্যতবাণী কৰি কৈছে যে , এইবাৰ বিশ্বকাপৰ ফাইনেলত পাঁচটা দলে ভৰি দিবলৈ সক্ষম হ’ব । সেইকেইটা হ’ল ক্ৰমে – আৰ্জেন্টিনা, ব্ৰাজিল, বেলজিয়াম, ফ্ৰান্স আৰু ইংলেণ্ড ।

অৱশ্যে ফাইনেলত প্ৰৱেশ কৰিলেও নেইমাৰৰ ব্ৰাজিল দলৰ জয়ৰ সম্ভাৱনা নাই বুলিয়েই উল্লেখ কৰিছে চাল’মিয়ে । একেদৰে ফাইনেলত জয়ৰ তালিকাত নাম নাই ইংলেণ্ড আৰু বেলজিয়ামৰো । এই ব্ৰাজিলীয়ান জ্যোতিষীজনৰ মতে ১৮ ডিচেম্বৰত ফাইনেল খেলিব লিওনেল মেছিৰ আৰ্জেন্টিনা আৰু ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে । কিন্তু পুনৰ মেছিৰ স্বপ্নভংগ হ’ব । অৰ্থাৎ কেৰিয়াৰৰ শেষ বিশ্বকাপত দেশক সোণালী ট্ৰফী উপহাৰ দিব নোৱাৰিব তাৰকা খেলুৱৈ মেছিয়ে ।

যিহেতু আঘাতৰ সমস্যাত ভোগাৰ সম্ভাৱনা আছে মেছি দলৰ । তেনেক্ষেত্ৰত পুনৰ দ্বিতীয়বাৰৰ বাবে ফ্ৰান্সে বিশ্বকাপ জিকাৰ সোৱাদ ল’ব । খেল আৰম্ভ হোৱাৰ পূৰ্বে আধুনিক নষ্ট্ৰাডামুৰ এই ভৱিষ্যতবাণীয়ে এতিয়া বিশ্ব ক্ৰীড়াপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

চৰ্চা অনুসৰি, এইবাৰ যদি চাল’মিৰ ভৱিষ্যতবাণী সঁচা প্ৰতিপন্ন হয়, তেন্তে সঁচাকৈয়ে তেওঁ এজন অতি মানৱীয় গুণৰ অধিকাৰী বুলি সকলোৱে মানি ল’ব ! এতিয়া আধুনিক নষ্ট্ৰাডামুৰ এই ভৱিষ্যতবাণী কিমানদূৰ ফলিয়াব সেয়া লক্ষ্যণীয় হ’ব ।

Exit mobile version