IndianSeafood Banned : ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰিলে কাটাৰ বিশ্বকাপে :

4b9cc98f 6e8a 486a abd2 c743f666a4fc

IndianSeafood Banned :

ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰিলে কাটাৰ বিশ্বকাপে :

ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাৰ কথা আছিল কাটাৰ বিশ্বকাপৰ । বিশ্বকাপৰ পূৰ্বে ভাৰতেও আশা কৰিছিল , কাটাৰে ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰিলে ভাৰতৰ আমদানিৰ পৰিমাণ বৃদ্ধি পাব ।

কিন্তু ভাৰতৰ সেই আশাত চেঁচা পানী ঢালিলে কাটাৰ বিশ্বকাপে । সম্প্ৰতি ভাৰতৰ পৰা আমদানি কৰা কিছু সামুদ্ৰিক মাছত ক্ষতিকাৰক মাইক্ৰবেক্টেৰিয়া পোৱাত সাময়িকভাৱে ভাৰতৰ সামুদ্ৰিক মাছত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্বকাপ আয়োজক দেশখনে ।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰৰ পৰা আৰম্ভ হোৱা বিশ্বকাপৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে বিদেশৰ পৰা অহা সকলো খাদ্য-সামগ্ৰীৰ পৰীক্ষা কৰা হৈছিল । সেইসময়তে ভাৰতৰ পৰা আমদানি কৰা সামুদ্ৰিক মাছৰ গুণগত মান নিম্নগামী হোৱাত নিষিদ্ধ ঘোষণা কৰে কাটাৰ চৰকাৰে ।

এইক্ষেত্ৰত ভাৰতৰ চিফুড এক্সপাৰ্ট এচোছিয়েশ্যনে জানিব দিয়ে যে, বিশ্বকাপৰ পিছত এই নিষেধাজ্ঞা কাটাৰ চৰকাৰে উঠাই ল’ব । সম্প্ৰতি বিশ্বকাপৰ বাবেই এই সিদ্ধান্ত ল’বলগীয়া হৈছে ।

ইফালে অন্য এক খবৰৰ ভিত্তিত , কাটাৰৰ ‘ মেৰিন প্ৰডাক্ট এক্সপাৰ্ট ডেভেলপমেন্ট অথৰিটি’ য়ে ইতিমধ্যে ভাৰতীয় ব্যৱসায়ীক সংস্থা সমূহলৈ শ্ব’কজ জাৰি কৰিছে ।

ইফালে বিগত বৰ্ষত ভাৰতে ২৫ মিলিয়ন ডলাৰ মূল্যৰ ৪০০০ টন চিফুড ৰপ্তানি কৰিছিল কাটাৰলৈ । বিশেষকৈ কাটাৰত ভাৰতৰ চিফুড খুবেই জনপ্ৰিয় । সেইয়ে বিশ্বকাপতো ইয়াৰ ৰপ্তানি বৃদ্ধি পাব বুলি আশা কৰিছিল যদিও কাটাৰ চৰকাৰে হঠাৎ এই নিষেধাজ্ঞা জাৰি কৰাত ভাৰতীয় বজাৰত যে এক বেয়া প্ৰভাৱ পৰিব সেইটো খাটাং ।

Exit mobile version