Qatar World Cup : জাকিৰ নায়কক আমন্ত্ৰণ জনোৱাক লৈ বিশ্বকাপ বয়কটৰ দাবী বিজেপিৰ :

f1f4a8bc d37f 456f 880d 4bc2b186d4c3

Qatar World Cup :

কাটাৰত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবল ২০২২ ত ধৰ্মপ্ৰচাৰক জাকিৰ নায়কক আমন্ত্ৰণ জনোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে ভাৰত চৰকাৰ তথা বিজেপিয়ে ।

প্ৰাপ্ত খবৰ অনুসৰি , কাটাৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ বিজেপিৰ মুখপত্ৰ চেভিও ৰুদ্ৰি গেজে ন্যায়ালয়ৰ কাষ চাপ চাপিব । মুখপত্ৰজনে সদৰী কৰা মতে, জাকিৰৰ দৰে ব্যক্তিক আন্তৰ্জাতিক মঞ্চত বক্তব্য ৰাখিবলৈ সুবিধা দিয়া মানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধক বাধা দিয়া ।

যিহেতু বিশ্বকাপ হৈছে এখন আন্তৰ্জাতিক মঞ্চ । সমগ্র বিশ্ববাসীয়ে এই প্ৰতিযোগিতাৰ বাবে অপেক্ষা কৰে । এনে এখন গুৰুত্বপূৰ্ণ প্লেটফৰ্মত জাকিৰ নায়কক বক্তৃতাৰ সুযোগ দিয়াৰ অৰ্থ হৈছে তেওঁৰ ঘৃণা বিয়পোৱা আদৰ্শক সমৰ্থন কৰা ।

ভাৰতৰ এটা আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা বাতৰি মৰ্মে ইছলামীক ধৰ্মপ্ৰচাৰক জাকিৰ নায়কক ফিফা বিশ্বকাপত ইছলাম ধৰ্মৰ ওপৰত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনাইছে ।

এই বাতৰিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপত্ৰজনে এক বিবৃতিৰ যোগে উল্লেখ কৰে যে , এনে এটা সময়ত নায়কক আমন্ত্ৰণ কৰা হৈছে ,যিটো সময়ত সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদ বিৰুদ্ধে যুদ্ধ কৰি আছে ।

যাৰ পৰিপ্ৰেক্ষিতত নায়কক আমন্ত্ৰণ জনোৱাৰ কোনো যুক্তি নাই । যিহেতু নায়কে সন্ত্ৰাসবাদক উদগনি যোগোৱা আৰু বিদ্বেষ মূলক ভাষণ প্ৰদান কৰি কট্টৰপন্থী ইছলামীক মতবাদ প্ৰচাৰ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে ।

Exit mobile version