Birthday Celebration : শ্মশানত জন্মদিন উদযাপন ! কটা হ’ল কেক

1669274642 bday

Birthday Celebration :

বহুলোকে বিভিন্ন ধৰণে নিজৰ জন্মদিন উদযাপন কৰে। কিছুলোকে নিজৰ ঘৰত উদযানৰ কৰে আৰু কিছুয়ে হোটেলত । সাধাৰণতে, ঘৰত জন্মদিন উদযাপন কৰাটো অধিক লক্ষণীয়।

হোটেল আৰু ঘৰত জন্মদিন উদযাপনৰ বিষয়টো কোনো অজ্ঞাত নহয়। কিন্তু আপুনি কেতিয়াবা শ্মশানত জন্মদিন পালন কৰাৰ কথা শুনিছেনে ?

এনে এটা ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেত । সংবাদ সংস্থা পিটিআইৰ মতে, শ্মশানত জন্মদিন উদযাপন কৰা ব্যক্তিজনৰ নাম গৌতম ৰতন মোৰে।

থানেৰ বাসিন্দা গৌতমে ১৯ নৱেম্বৰত তেওঁৰ ৫৪ তম জন্মদিন উদযাপন কৰে । তেওঁ নিজৰ জন্মদিন উদযাপন কৰিবলৈ কোনো হোটেল বা লজ বুক কৰা নাই । আনকি তেঁও নিজৰ ঘৰতো জন্মদিন উদযাপনৰ কৰা নাই ।

তেওঁ জীৱনৰ এই পৱিত্ৰ দিনটো উদযাপন কৰিবলৈ গৌতমে মোহনী শ্মশান বাছনি কৰে ।

অতিথি, বন্ধুবৰ্গ আৰু পৰিয়ালক শ্মশানলৈ নিমন্ত্ৰণ কৰে গৌতমে । প্ৰথমে, গৌতমৰ অদ্ভুত আজৱ কাণ্ড দেখি সকলোৱে আচৰিত হয় । ঘৰ , হোটেল থাকিও হঠাৎ জন্মদিন উদযাপন কৰিবলৈ শ্মশান কিয় বাছি ল’লে গৌতমে ?

সংবাদ মাধ্যমক ‘বাৰ্থডে মেন’য়ে জনাই যে তেওঁ সমাজৰ অন্ধবিশ্বাস আঁতৰাব বিচাৰে। প্ৰখ্যাত সমাজকৰ্মী সিন্ধুতাই ছপকাল আৰু যুক্তিবাদী প্ৰয়াত নৰেন্দ্ৰ দাভোলকাৰ তেওঁৰ অনুপ্ৰেৰণা

এই দুজন ব্যক্তিয়ে ক’লা যাদু, অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়ে । আৰু তেওঁলোকে দেখুওৱা পথ অনুসৰণ কৰি সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাব বিচাৰে। গৌতমে দাবী কৰে যে শ্মশানত ‘ভূত’ আছে বুলি বিশ্বাস ভংগ কৰিবলৈ তেওঁ এই অনুষ্ঠানটো আয়োজন কৰিছে।

গৌতমৰ জন্মদিন উদযাপন কৰিবলৈ মোহনী শ্মশানত ৪০ গৰাকী মহিলা আৰু শিশু সহ মুঠ ১০০ জন লোক উপস্থিত হয়। ধুমধামেৰে কটা হয় কেক। শ্মশানত খাদ্যৰ ব্যৱস্থাও কৰা হয়।

Exit mobile version