Digital Media : ডিজিটেল মিডিয়া সন্দৰ্ভত শীঘ্রে আইন জাৰি কৰিব চৰকাৰে, জনালে কেন্দ্র‌ই

images 26

Digital Media :

কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰে ক‌য় যে চৰকাৰে শীঘ্রে ডিজিটেল মিডিয়া সন্দৰ্ভত আইন জাৰি কৰিব । ডিজিটেল মাধ্যমত নিয়ন্ত্রণ আনিবলৈ এই আইন অনা হৈছে । এই বিষয়ত তেওঁ দাবী কৰে যে, এসময়ত খবৰৰ মাধ্যম কেৱল এটাই আছিল, এতিয়া সময় সলনি হৈছে । এতিয়া এটা সংবাদ মাধ্যম নাই । প্রিন্ট মিডিয়ামৰ উপৰিও ইলেকট্রনিক মিডিয়া আৰু ডিজিটেল মিডিয়া আছে ।

কি ক’লে অনুৰাগ ঠাকুৰে ?

ঠাকুৰে আৰু কয় যে, ডিজিটেল মিডিয়াই এতিয়া সৰু সৰু গাঁৱচ গৈ খবৰ যোগোটায় । তাৰ পৰা সেই খবৰ জাতীয় স্তৰ পায় । তেওঁৰ মতে অধিকাংশ প্রিন্ট, ইলেকট্রনিক আৰু ডিজিটেল মাধ্যমকেই চৰকাৰে স্ব-নিয়ন্ত্রণত ৰাখিছে ।

তেওঁ কয় যে, ‘ডিজিটেল মিডিয়া যেনেদৰে সুবিধাজনক তেনেদৰে বহু সমস্যাও আছে । এই দুটাৰ মাজত এটা সামঞ্জস্য থাকিব লাগিব । তাৰ বাবে চৰকাৰে কিছু পৰিকল্পনা কৰা প্রয়োজন । ম‌ই ক’ম যি পৰিৱর্তন হ’ব তাক আইনৰ আওতাত আনিব লাগিব । এয়া কৰি আমি আপোনাৰ কাম কঠিন নহয় বৰঞ্চ বহু পৰিমাণে সহজ আৰু সাধাৰণ কৰি দিম । আমি এই বিষয়ত বিল প্ৰস্তুত কৰিবৰ বাবে কাম আৰম্ভ কৰিছো ।’

তথ্য আৰু সম্প্রচাৰ মন্ত্রীয়ে নিশ্চিত কৰিছে যে, ১৮৬৭ প্রেছ এণ্ড ৰেজিষ্ট্ৰেছন অৱ বুকছ এক্টৰ পৰিৱৰ্তে চৰকাৰে এটা নতুন আইন প্রণয়ন কৰিব । ইয়াৰ ফলত কোনো সংবাদপত্র‌ই ৰেজিষ্ট্ৰেছন লাভ কৰাত যথেষ্ট সুবিধা হ’ব । এই পর্যন্ত যি পুৰণি আইন অব্যাহত আছে তাৰ অনুযায়ী এক সংবাদপত্র‌ই ৰেজিষ্ট্ৰেছন পাবলৈ চাৰি মাহ সময় লাগি যায় । নতুন আইন প্ৰৱৰ্তন কৰিলে সেয়া অনলাইনৰ মাধ্যমত হৈ যাব । নতুন আইন প্ৰণয়ন হ’লে এসপ্তাহৰ ভিতৰত ৰেজিষ্ট্ৰেছন হৈ যাব ।

তেওঁ লগতে কয় যে, সংবাদপত্রৰ দায়িত্ব হ’ল সঠিক খবৰ উলিওৱা । মানুহৰ আগত সেয়া দাঙি ধৰাই হ’ল ইয়াৰ কাম । সঠিক সময়টোও অতি গুৰুত্বপূর্ণ বিষয় । তেওঁ ইয়াৰ লগতে এইটোও ক‌য় যে, জনস্বার্থত চৰকাৰে যিসমূহ স্কিম আৰু পলিচি প্ৰস্তুত কৰিছে সেয়া মানুহৰ ওচৰত দ্রুত দাঙি ধৰা প্ৰয়োজন ।

তেওঁ সংবাদ মাধ্যমক অনুৰোধ কৰিছে যে দায়িত্ব সহকাৰে কাম কৰক । দয়া কৰি ভয় আৰু বিভ্রান্তি সৃষ্টি নকৰিব । অনুষ্ঠানত আহি মন্ত্রীগৰাকীয়ে সাংবাদিকসকলক নিশ্চিত কৰিছে যে কেন্দ্র‌ই তেওঁলোকৰ যি স্বার্থ আছে সেয়া ৰক্ষা কৰিবলৈ সকলো সময়তে কাম কৰিব । ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা’ সাংবাদিকৰ পৰিয়ালক আর্থিকভাৱে সহায় কৰা হৈছে ।

Exit mobile version