Jama Masjid : জামা মছজিদত অকলে প্রৱেশ কৰিব নোৱাৰিব মহিলাই ! জনালে মছজিদ কর্তৃপক্ষ‌ই

Jama Masjid Delhi

Jama Masjid :

দিল্লীৰ জামা মছজিদত অকলে প্রৱেশ কৰিব নোৱাৰিব মহিলাই । এই খবৰ বিয়পাৰ পাছতে মছজিদৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদমুখী হৈ পৰিছে বিভিন্ন মহল ।

দিল্লীৰ মহিলা আয়োগৰ প্ৰধান স্বাতী মালিৱালে জামা মছজিদৰ ইমামক এখন পত্ৰ লিখি মছজিদত মহিলাসকলক অকলে প্রৱেশ নিষিদ্ধ কৰাৰ বিষয়ত ক্ষোভ উজাৰিছে ।

টুইটাৰত স্বাতি মালিৱালে লিখিছে, ‘‘জামা মছজিদত মহিলাসকলৰ প্রৱেশ নিষেধ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ ভুল । এজন পুৰুষৰ যেনেদৰে উপাসনাৰ অধিকাৰ আছে, তেনেদৰে মহিলাৰো আছে । ম‌ই জামা মছজিদৰ ইমামক জাননী প্ৰেৰণ কৰিছো । উপাসনা কেন্দ্রত মহিলাসকলৰ এনেদৰে প্রৱেশ নিষিদ্ধ কৰাৰ অধিকাৰ কাৰো নাই ।’’

জামা মছজিদৰ জনসংযোগ কর্মকর্তা ছাবিউল্লাহ খানে এই বিষয়ত সংবাদমাধ্যমক কয়, ‘‘মছজিদত মহিলাসকলৰ প্রৱেশ নিষিদ্ধ কৰা হোৱা নাই, কেৱল কোৱা হৈছে তেওঁলোকে অকলে আহিব নোৱাৰিব । মহিলাসকলে মছজিদক ল’ৰাক লগ কৰাৰ স্থল হিচাপে ব্যৱহাৰ কৰে, মছজিদ প্রাংগণত টিকটক ভিডিঅ’ শ্বুট কৰে আৰু নৃত্য‌ও কৰে । এইবোৰ যাতে বন্ধ হয় তাৰ বাবেই এই কঠোৰ সিদ্ধান্ত লোৱা হৈছে ।’’

ছাবিউল্লাহে আৰু কয়, ‘‘পৰিয়ালৰ লগত আহিলে বা বিবাহিত মহিলাসকলৰ মছজিদত প্ৰৱেশ কৰাত কোনো বাধা নাই । কিন্তু মছজিদক পার্ক ভাবি ল’ৰাক লগ কৰিবলৈ ব্যৱহাৰ কৰিলে সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব । এনে ধৰণৰ আচৰণ মন্দিৰ বা গুৰুদ্বাৰ কোনও ধর্মীয় স্থানতেই গ্ৰহণযোগ্য নহয় । মছজিদ প্রার্থনা কৰা ঠাই আৰু মছজিদক যেন সেই কামৰ বাবেই ব্যৱহাৰ কৰা হয় তাৰ বাবে এই সিদ্ধান্ত ।’’

Exit mobile version