Medical College : আঠ বছৰত ভাৰতত মেডিকেল কলেজৰ সংখ্যা ৬৭ শতাংশ বৃদ্ধি পালে

doctorht 1563388190932 1616500961497

Medical College :

বিগত আঠ বছৰত ভাৰতত নতুনকৈ স্থাপন কৰা হ’ল ২৬১ খন মেডিকেল কলেজ। ২০১৪ বৰ্ষৰ পৰা বৰ্তমানলৈকে দেশত মেডিকেল কলেজৰ সংখ্যা ৬৭ শতাংশ বৃদ্ধি পালে।

সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এখন প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে। প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ২০১৪ বৰ্ষৰ পৰা ভাৰতত চৰকাৰী মেডিকেল কলেজৰ সংখ্যা ৯৬ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে বেচৰকাৰী মেডিকেল কলেজৰ সংখ্যা ৪২ শতাংশ বৃদ্ধি পালে।

বিগত বছৰকেইটাত ভাৰতত এম বি বি এছ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে। বর্তমানে ভাৰতত এম বি বি এছৰ আসনৰ সংখ্যা হৈছে ৯৬,০৭৭। আনহাতে, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ১০৫ শতাংশ বৃদ্ধিৰে ৬৩,৮৪২ খন হৈছে।

২০১৪ বৰ্ষৰ পৰা বৰ্তমানলৈকে এম বি বি এছ পাঠ্যক্ৰমৰ আসন ৩৮৭৭ খন বৃদ্ধি পোৱাৰ লগতে দেশৰ ১৬ ৰাজ্যত ৫৮ খন মেডিকেল কলেজক অনুমোদন দিয়া হ’ল। একেদৰে স্নাতকোত্তৰ পাঠ্যক্ৰমত ৪০৫৮ আসন বৃদ্ধিৰ লগতে ২১ খন ৰাজ্য-কেন্দ্রীয় শাসিত অঞ্চলত ৭২ খন মেডিকেল কলেজক অনুমোদন দিয়া হ’ল।

Exit mobile version