Monkey : বিক্ৰেতাৰ ৰূপত এটা বান্দৰ, জানিবলৈ পঢ়ক

WhatsApp Image 2022 11 24 at 13.34.41

Monkey :

বৰ্তমানৰ পৃথিৱীত দৈনিক আজৱ কাণ্ড কৰি খবৰৰ শিৰোনামা দখল কৰিছে একাংশ লোকে । কিছুমান কৰ্ম-কাণ্ডই আক’ ছ’চিয়েল মিডিয়াত সাংঘাতিক ধৰণে চৰ্চা হোৱা দেখা যায় । যিবোৰ দেখি সাধাৰণ মানুহে হতভম্ব হৈ পৰে । তেনে এক ঘটনাই এতিয়া ছ’চিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

কোনেও বিশ্বাস কৰিব পৰা নাই যে, এনেকুৱা ঘটনাও এই পৃথিৱীত ঘটিব পাৰে । এনে আজৱ কাণ্ড সংঘটিত কৰিছে এটা বান্দৰে । এই বান্দৰটোৱে সমগ্র কাণ্ড-কাৰখানা মানুহৰ দৰে কৰে । হুবহু মানুহৰ দৰে ভাৱ-ভংগীৰে দৈনিক কাম কৰিছে এই মানৱৰূপী বান্দৰে ।

আনকি মানুহৰ দৰে বজাৰত ফল-মূলৰ দোকানত ফল বিক্ৰী কৰি চৰ্চাৰ শীৰ্ষত আছে এই বান্দৰ । বান্দৰটো এনে কৰ্ম-কাণ্ড ই সকলোকে আকৰ্ষণ কৰাৰ লগতে তাক চাবলৈ মানুহৰ জুম বন্ধা পৰিলক্ষিত হৈছে । একাংশ লোকে আক’ তাৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত এৰি । দেওবাৰে নিশা বান্দৰটোৰ এটা ভিডিঅ’য়ে দেশজুৰি ভাই ভাইৰেল হৈ পৰা দেখা গৈছে । মানুহৰ দৰেই সকলো কামতে পাৰ্গত এই বান্দৰ এতিয়া এজন ফল বিক্ৰেতা ।

তাৰ কৰ্ম-কাণ্ডই প্ৰমাণ কৰে যে মানুহতকৈ কোনো গুণে কম নহয় এই বান্দৰ । সকলো ক্ৰেতাক পৰিমাণ অনুযায়ী জোখ-মাখ কৰি ফল দিব জানে । হয়তো মানুহেও বান্দৰটোৰ দৰে ইমান সুন্দৰকৈ এই কাম কৰিব নোৱাৰে । বৰঞ্চ মানুহতকৈও বেছি ভালকৈহে সকলো কাম কৰিব পাৰে ।

হংকঙৰ বজাৰত থকা এই বিক্ৰেতাৰূপী বান্দৰটোক চাবলৈ মানুহৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে । তাৰ কৰ্ম-কাণ্ড দেখিলে এনে লাগিব যেন সি কোনো বন্য জন্তু নহয় । বান্দৰৰূপত এটা মানুহ । আনকি গ্ৰাহকৰ লগতো মানুহৰ দৰেই ব্যৱহাৰ কৰে । সি ৰাস্তাত ফল-মূলৰ দোকান দিয়াৰ সমান্তৰালকৈ অন্য সামগ্ৰীও বিক্ৰী কৰে ।

একমাত্ৰ বান্দৰটোৰ কৰ্ম চাবলৈকে এতিয়া এই দোকানত গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পাইছে । হংকঙৰ এই চিনাকি হৈ পৰা দোকানখনত বান্দৰটোৱে বিভিন্ন খেল প্ৰদৰ্শন কৰিও গ্ৰাহকক আমোদ দি আহিছে । এইবোৰ প্ৰত্যক্ষ কৰি বহু গ্ৰাহকে বান্দৰটোৰ বিভিন্ন ভিডিঅ’ নিৰ্মাণ কৰি ইন্টাৰনেটত এৰি দিয়াত সম্প্ৰতি এই বান্দৰটো বিশ্বব্যাপী চিনাকি হৈ পৰাৰ লগতে ষ্টাৰৰ সমতুল্য হ’বলৈ সক্ষম হৈছে ।

Exit mobile version