COVID-19 : চীনত পুনৰ কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ!

ৰাজধানী বেইজিং আৰু বন্দৰ নগৰী চাংহাই-ঝেংঝোত লকডাউন

dc39847c 6751 11ed 812a 04a87baf2f58 1668836744499 1668836744499 1669348793290 1669348793290

COVID-19 :

চুবুৰীয়া দেশ চীনত পুনৰ কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ২০২০ত উহান প্ৰদেশৰ পৰা সংক্ৰমিত কৰ’না ভাইৰাছে ভাৰতসহ বিশ্বৰ ৮০ শতাংশ দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ৷ এই মহাব্যাধি গ্ৰাসত চীন সহ বিশ্বৰ বহু কোটি লোক মৃত্যু মুখত পৰে ৷ ২০২১ৰ মাজ ভাগৰ পৰা ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা দেশবোৰৰ অৰ্থনৈতিক মেৰুদণ্ড কোঙা হৈ পৰিছিল যদিও দেশবোৰে অতি কষ্টৰে পুনৰ থিয় হৈ প্ৰগতিৰ দিশত অগ্ৰসৰ হয় ৷ কিন্ত শেহতীয়াকৈ চুবুৰীয়া দেশ খনত পুনৰ মূৰ দাঙি উঠিছে কৰ’না ৷

পূৰ্বতকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। যুগৰ সৰ্ববৃহৎ সংক্ৰমণ হিচাপে চিনাক্ত কৰা হৈছে। চীন প্ৰশাসনে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও পূৰ্বতকৈ বেয়া পৰিস্থিতি কেনেকৈ সংঘটিত হ’ল এই সম্পৰ্কত আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য বিশ্বৰ অধিক জনসংখ্যাৰ দেশখনত পুনৰ ৰাজধানী বেইজিং সহ কেতবোৰ প্ৰদেশত পুনৰ কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে কমিনিউষ্ট চৰকাৰখন ৷

কিয় এই পৰিস্থিতিৰ সৃষ্টি হ’ল তাৰ তদন্ত কৰিব চীন প্ৰশাসনে। উল্লেখ কৰিব পাৰি যে চীনৰ এখন প্ৰদেশত থকা আইফোনৰ এটা কাৰখানাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন ন্যৰ্য দাবীৰ সমৰ্থনত বিশাল আন্দোলনাত্মক কাৰ্যসূচী লোৱাৰ পিছতে দ্ৰুতগতিত বৃদ্ধি পাই কৰ’নাই সংহাৰী ৰূপ লয় ৷ একেদৰে বানিজ্যিক চহৰসমূহ কাৰ্যত অঘোষিত বন্ধ হৈ পৰিছে কৰ’ণাৰ সংক্ৰমণৰ বাবে ৷

ইপিনে চলিত বৰ্ষৰ আৰম্ভণিতে বন্দৰ নগৰী চাংহাইত চহৰত প্ৰায় আঢ়ৈ কোটি লোকক গৃহবন্দী কৰে প্ৰশাসনে ৷ আনকি পৰম্পৰাগত উৎসৱৰ লগত ৰজিতা খোৱাই অনুষ্ঠিত কৰা মেলাও বাতিল হয় ৷

কৰ’নাৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি চীন চৰকাৰী ৰাজধানী চহৰ বেইজিং, চাংহাই আৰু ঝেংঝৌ ৰাজ্যত জাৰি কৰিছে লকডাউন ৷

চীনত পুনৰ কৰ’নাৰ সংক্ৰমণ হোৱাত চিন্তিত হৈ পৰিছে ইউৰোপীয়ান ইউনিয়ন সহ এছিয় দেশসমূহ ৷

Exit mobile version