Meghalaya : শ্বিলঙত অব্যাহত অগ্নিগৰ্ভা পৰিস্থিতি !

পুনৰ ৪৮ ঘন্টাৰ বাবে ইন্টাৰনেট কৰ্তন

WhatsApp Image 2022 11 25 at 15.14.16

অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’লিয়াম পৰিবহন নকৰাৰ ভাবুকি পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ, সুৰক্ষাৰ আশ্বাস মেঘালয় চৰকাৰৰ

Meghalaya :

পশ্চিম কাৰ্বি আংলংমেঘালয়ৰ সীমান্তৰ্ৱতী মুক্ৰ’ত মঙলবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত আজিও অব্যাহত আছে চেপা উত্তেজনা ৷ এই ঘটনাৰ পাছতেই মেঘালয়ত দুৰ্বৃত্তই অসমৰ ট্ৰাক চালকসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উদ্থাপিত হোৱাৰ পিছতে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে। যাৰ বাবে শেহতীয়াকৈ পাহাৰীয়া ৰাজ্যখনৰ পেট্ৰল পাম্পত ইন্ধনৰ নাটনিয়ে দেখা দিছে ৷

ইতিমধ্যে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে আইঅ’চি, এইচপিচিএল আৰু বিপিচিএলকে ধৰি সকলো তেল বিপণন কোম্পানীলৈ পত্ৰ প্ৰেৰণ কৰি আৰু টেংকাৰত ইন্ধন লোড নকৰাৰ ইউনিয়নৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ পেট্ৰল- ডিজেল পৰিবহন নকৰা সিদ্ধান্তৰ পিছতে গক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় শ্বিলঙত ৷

বৃহস্পতিবাৰে মেঘালয় চৰকাৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ সঞ্চালকে ৰাজ্য খনলৈ তেল পৰিবহন বাহাল কৰিবলৈ অনুৰোধ জনায় চিঠি প্ৰেৰণ কৰে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নলৈ৷ তেল পৰিবহন কৰাৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্য চৰকাৰে ৷

উল্লেখ্য যে মেঘালয়লৈ যোৱা বহু যানবাহন আৰু ট্ৰাক চালকক খাচী দুৰ্বৃত্তই ৰিভয় আৰু শ্বিলংত ভাবুকি দিয়াই নহয় ইতিপূৰ্বে ক্ষতিগ্ৰস্ত কৰিছে কে’বাখনো যানবাহন৷ আনকি বলেৰ’বাহন জ্বলাই দিয়ে দুৰ্বৃত্তই ৷ এই ঘটনাৰ পিছতে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ পেট্ৰ’লিয়াম সামগ্ৰীৰ পৰিবহন বন্ধ কৰাৰ বাবে ভাবুকি দিছিল।

আজিও গুৱাহাটীৰ পাশ্বৰ্ৱতী যোৰাবাটৰ পৰা মেঘালয়লৈ যোৱা যানবাহন উভতই পঠাইছে অসম আৰক্ষীয়ে ৷বুধবাৰৰ পৰাই মেঘালয় পঞ্জীকৃত যান বাহনৰ বাহিৰে কোনো যানবাহন যাব দিয়া নাই মেঘালয়লৈ৷ যোৰাবাটত গিজগিজাই আছে অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ৷

আনহাতে মেঘালয় চৰকাৰে পৰিস্থিতি অপৰিৱৰ্তীত হৈ থকাৰ বাবে সাতখন জিলাত পুনৰ ইন্টাৰনেট কৰ্তন কৰিছে ৷

Exit mobile version