RBI : ১,০৭,৭২০ কোটিৰ ধাৰ অসমৰ, বছৰি পৰিশোধ কৰিবলগীয়া সুদ ৭০৬৪ কোটিলৈ বৃদ্ধি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত অসমৰ অৰ্থনীতিৰ উদ্বেগজনক অৱস্থা প্ৰকাশ

PM Modi RBI RBI schemes 1636699087602 1636699089495

RBI :

তলাবন্ধৰ কুপ্ৰভাৱত সমগ্ৰ দেশৰ লগতে অধোগতি হৈছে অসমৰ অৰ্থনীতিও । দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বিত্তীয় ঘাটিৰ উৰ্ধ্বমুখী হাৰে অৰ্থনীতি থৰক-বৰক কৰি তোলাৰ সময়তে অসমৰ অৰ্থনীতিৰো শোচনীয় ৰূপ উন্মোচিত হৈছে । ভাৰতৰ ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা ‘হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে অসমৰ ঋণ সম্পৰ্কীয় তথ্য ।

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে, দেশৰ আটাইকেইখন ৰাজ্যৰে বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি পাইছে ৮,১৮,৫৮৪ কোটি টকালৈ । মূলতঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমতো ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰাৰ সূত্ৰে অসমৰ অৰ্থনীতিতো ইয়াৰ স্পষ্ট প্ৰভাৱ প্ৰতিফলিত হৈছে । বিগত ২০২১-২২ বিত্তীয় বৰ্ষত অসমত বাৰ্ষিক বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি পাইছে ১৫,০২৮ কোটি টকালৈ ।

উল্লেখ্য যে তলাবন্ধৰ পাছতে সমগ্ৰ দেশতে বিত্তীয় ঘাটিৰ পৰিমাণ ৭৮ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা বুলি ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি তথা আনুসংগিক কেতবো] কা]কে অসম] বিত্তীয় স্থিতিও শোচনীয় কৰি তোলাৰ সূত্ৰে এতিয়া ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে অসমৰ অৰ্থনীতি ।

প্ৰতিবেদন মতে, চলিত বৰ্ষৰ মাৰ্চলৈকে অসমৰ মুঠ পৰিশোধীয় দেনা অৰ্থাৎ ধাৰৰ পৰিমাণ বৃদ্ধি পাইছে অভিলেখসংখ্যক ১,০৭,৭২০ কোটি টকালৈ । ইয়াৰ ভিতৰত অসম চৰকাৰে বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছে ৬,১০৬ কোটি টকা । সমান্তৰালকৈ আভ্যন্তৰীণ উৎসৰ দেনাৰ পৰিমাণ হৈছেগৈ ৮১,৯৭১ কোটি টকা । একেদৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ আৰু আগধন হিচাপে লৈছে ১,৮০৭ কোটি টকা, কৰ্মচাৰী ভৱিষ্যনিধিৰ পৰা লৈছে ১৫,৭৪১ কোটি টকা, জমা আৰু অধন হিচাপে সংগৃহীত হৈছে ২,৩৪৫ কোটি টকা, কণ্টিজেন্সি ফাণ্ড দুশ কোটি টকা আৰু ৰিজাৰ্ভ ফাণ্ডৰ পৰা ৫,৬৫৫ কোটি টকা ঋণ লৈছে অসম চৰকাৰে ।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যিক উন্নয়নী ঋণৰ পৰিমাণ হৈছে ৭০, ১৭৫ কোটি টকা, এনএছএছএফৰ পৰা ৫,৬৯০ কোটি টকা আৰু নাবাৰ্ডৰ পৰা ৬,০৮৫ কোটি টকা । ২০২২ত ৰাজ্যখনৰ সবৰ্মুঠ দেনাৰ পৰিমাণ ১,০৭,৭২০ কোটি টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২১ত ৰাজ্যৰ পৰিশোধীয় দেনাৰ পৰিমাণ আছিল ৯০.৭৬৫ কোটি টকা । এইদৰে এটা বছৰতে অসমত দেনাৰ পৰিমাণ বৃদ্ধি পালে ১৬,৯৫৫ কোটি টকা ।

লক্ষ্যণীয় যে ২০২২ৰ মাৰ্চলৈকে ৰাজ্যখনে সবৰ্মুঠ ১.৭৭ লাখ কোটি টকাৰ ঋণত পোত যোৱাৰ সূত্ৰে প্ৰতি বছৰে অসমে ভৰিবলগীয়া হৈছে এক বৃহৎ অংকৰ সুদ । বিগত ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ধাৰৰ বাবদ সুদ পৰিশোধ কৰিছে ৭,০৬৪ কোটি টকা । এবছৰতে এই বৃহৎ পৰিমাণৰ ধন সুদ হিচাপে আদায় দিবলগীয়া হোৱা ৰাজ্যখনত ঋণৰ পুঁজিৰ ব্যৱহাৰক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে অসমৰ অৰ্থনীতিবিদসকল । এখন ৰাজ্যৰ অৰ্থনীতি সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ঋণ লোৱাটো অনিষ্টকাৰী নহয় যদিও ঋণৰ ধনৰ উচিত ব্যৱহাৰৰ ওপৰতহে অৰ্থনীতিৰ মান নিৰ্ভৰ কৰে ।

লক্ষ্যণীয় যে বিগত সময়ছোৱাত অসমত অৰুণোদয়কে ধৰি বিভিন্ন হিতাধিকাৰী আঁচনি গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত বিশিষ্ট অৰ্থনীতিবিদ ড॰ অমিয় শৰ্মাই আজি মন্তব্য কৰে যে ঋণৰ ধন ক’ত ব্যৱহাৰ কৰে তাৰ ওপৰতহে অৰ্থনীতিৰ সুস্থতা নিৰ্ভৰ কৰে । অসমৰ দৰে দুবৰ্ল অৰ্থনীতিৰ এখন ৰাজ্যত হিতাধিকাৰী আঁচনি গ্ৰহণ কৰাটো সঠিক নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে বৃহৎ অংকৰ ধন ঋণ লৈ অৰ্থনীতি পৰিচালনা কৰিবলগীয়া হোৱা ৰাজ্য এখনত অৰুণোদয় বা অন্যান্য হিতাধিকাৰী আঁচনি গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক ।

অৱশ্যে তেওঁ কয় যে ঋণৰ ধন আন্তঃগাঁথনি উন্নয়ন ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অৰ্থনীতি টনকিয়াল হৈ থকাৰ আশা কৰিব পাৰি । কিন্তু তাকে নকৰি হিতাধিকাৰী আঁচনিত ব্যয় বা বিভিন্ন লাহ-বিলাহত ঋণৰ পুঁজি ব্যৱহাৰ কৰিলে অসমৰ অৰ্থনীতি স্থৱিৰ হৈ পৰিব । এই ক্ষেত্ৰত চৰকাৰসমূহে সতৰ্কতা অৱলম্বন কৰা উচিত বুলি মন্তব্য কৰি ড॰ শৰ্মাই কয় যে অৰ্থনীতি টনকিয়াল কৰিবলৈ হ’লে চমক সৃষ্টিকাৰী কোনো আঁচনি গ্ৰহণ কৰাটো উচিত নহয় ।

Exit mobile version