Unemploy : চলিত বৰ্ষত দেশত নিবনুৱাৰ হাৰ : কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ’ল মহিলা

image 1

Unemploy :

ক’ভিড পৰিস্থিতিত ভাৰতত কর্মসংস্থাপন যথেষ্ট হ্রাস পাইছিল। হঠাতে অতিমাৰীৰ আগমনত সংস্থাপন হেৰুৱাইছিল অগণন লোকে।

কিন্তু শেহতীয়াভাৱে দেশৰ কর্মসংস্থাপনৰ সমস্যাটো সামান্য উন্নত হৈছে। সম্প্রতি প্রকাশিত নেচনেল ষ্টেটিষ্টিকেল অফিচ (এনএছঅ’)ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি নিবনুৱাৰ হাৰ পূৰ্বতকৈ যথেষ্ট হ্রাস পাইছে।

এবছৰ পূৰ্বে ভাৰতত নিবনুৱাৰ হাৰ আছিল ৯.৮ শতাংশ। ২০২২ৰ জুলাই-ছেপ্টেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ ৭.২ শতাংশলৈ হ্রাস পালে। এন এছ অ’ৰ উক্ত প্রতিবেদনৰ তথ্য অনুসৰি, মহামাৰীৰ সময়ৰ পৰা বৰ্তমানলৈকে দেশ অর্থনৈতিক পুনৰুদ্ধাৰৰ দিশলৈ অগ্ৰসৰ হৈছে।

২০২২ৰ এপ্রিল-জুনত ১৫ বছৰ বা ততোধিক বয়সৰ লোকৰ মাজত নিবনুৱাৰ হাৰ চহৰ অঞ্চলত ৭.৬ শতাংশ আছিল। চহৰ অঞ্চলত মহিলাৰ মাজত নিবনুৱাৰ হাৰ যোৱা জুলাই-ছেপ্টেম্বৰত ১১.৬ শতাংশৰ পৰা হ্রাস পালে ৯.৪ শতাংশ।

কেৱল মহিলাৰ মাজতে নহয়, পুৰুষৰ মাজতো দেশত নিবনুৱাৰ হাৰ হ্ৰাস পাইছে বুলি এনএছঅ’ৰ প্ৰতিবেদনত উল্লেখ। এবছৰ পূৰ্বে ভাৰতত পুৰুষৰ মাজত নিবনুৱাৰ হাৰ আছিল ৯.৩ শতাংশ।

২০২২ৰ জুলাই-ছেপ্টেম্বৰত দেশত পুৰুষৰ মাজত নিবনুৱাৰ হাৰ ৬.৬ শতাংশলৈ হ্রাস পালে। চলিত বৰ্ষৰে জুন-জুলাইত এই হাৰ আছিল ৭.১ শতাংশ।পৰিসংখ্যা অনুসৰি গ্ৰামাঞ্চলত যোৱা জুলাই-ছেপ্টেম্বৰত সংস্থাপন হ্রাস পাইছিল।

প্রতিবেদনত উল্লেখ কৰা মতে,এবছৰ পূৰ্বে মূলতঃ কৰ’না সংক্রান্ত তলাবন্ধৰ ফলত ভাৰতত নিবনুৱাৰ হাৰ সর্বাধিক হৈছিল। কিন্তু বর্তমানে আর্থিক কর্মকাণ্ড বৃদ্ধিৰ ফলত দেশত নিবনুৱাৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে।

Exit mobile version