German device can ‘smell’ wildfire : জুই বিয়পি পৰাৰ আগতেই জনাব এই যন্ত্র‌ই ! ভবিষ্যৎ নিৰাপদ কৰিবলৈ বৃহৎ আৱিষ্কাৰ

main 1500

German device can ‘smell’ wildfire :

জুই বিয়পি পৰাৰ আগতেই যদি আগজাননী পোৱা সম্ভৱ হয়, তেন্তে বহু দুর্ঘটনাৰ পৰা ৰক্ষা পাব পাৰে । বৃহৎ অগ্নিসংযোগ হোৱাৰ উমান পোৱা নাযায় । অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বেই, যথেষ্ট ক্ষতি হৈ যায় । জুই লাগিছে নে নাই তাৰ জাননী দিয়া বহু যন্ত্র আছে । অৱশ্যে সেই তথ্য জনাবলৈ যথেষ্ট সময় লয় এই যন্ত্ৰবোৰে ।

তেনে সময়তে এক জার্মান সংস্থাই জনাইছে তেওঁলোকৰ সাম্প্রতিক আৱিষ্কাৰৰ বিষয়ে । অন্য যন্ত্রৰ তুলনাত তেওঁলোকৰ আৱিষ্কৃত ‘দিৰাদ’ যন্ত্রটোৱে জুই লগাৰ খবৰ যথেষ্ট সোনকালে দিয়ে । ফলত বহু আগতেই খবৰ পায় অগ্নিনিৰ্বাপক বাহিনীয়ে ।

দিরাদ যন্ত্রটি মূলত দাবানলের ঘটনা এড়াতেই তৈরি করা। দাবানল এড়াতে জার্মানিতে এমন বেশকিছু যন্ত্র ব্যবহার হয়। তবে কোনওটিই দিরাদের মতো দ্রূত নয়, জানাচ্ছে প্রস্তুতকারী সংস্থাটি।

দিৰাদ প্ৰকৃততে কি ?

দ্রুত জুই লগাৰ উমান পায় এই যন্ত্রটোৱে । বিশেষ প্রযুক্তিৰ সহায়ত ই ধোঁৱা আৰু কিছু গেছৰ উপস্থিতি আগতেই বুজি লয় । লগতে ইয়াৰ বিশেষ প্রযুক্তিয়ে অন্যান্য যন্ত্রৰ তুলনাত যথেষ্ট কম সময়তেই খবৰ দিয়ে বনাঞ্চলৰ বিষয়াসকলক । ফলত শীঘ্ৰে ব্যৱস্থা লোৱাতো সুবিধা হয় । ইয়াৰ ফলত জুই নুমুৱাবলৈ যথেষ্ট সময় পোৱা যায় ।

কেনেদৰে কাম কৰে এই যন্ত্র‌ই ?

দিৰাদৰ বিশেষ প্রযুক্তিয়ে জুইৰ ধোঁৱাৰ লগতে হাইড্র’জেন, কার্বন মন’ক্সাইড আৰু কার্বন ডাইঅক্সাইড ইত্যাদি গেছৰ উপস্থিতিৰ আগৰ পৰাই উমান পায় । যন্ত্রটোৰ কৃত্রিম বুদ্ধিমত্তা বা আর্টিফিচিয়েল ইন্টেলিজেন্স পিপিএম পর্যায়ত এই গেছবোৰৰ অস্তিত্বৰ উমান পায় । ফলত বনবিভাগে জুই লগাৰ ভুল খবৰ পোৱাৰ সম্ভাৱনাও কম । এই যন্ত্রত থকা লোৰাৱান ছেন্সৰটোৱে মেছ গেটৱেৰ জৰিয়তে জুই লগাৰ তথ্য প্ৰেৰণ কৰিব পাৰে । ফলত কোনোধৰণৰ তাঁৰৰ সংযোগ অবিহনেই তথ্য পায় যথাস্থানত ।

ফ’ৰজি বা ইথাৰনেটৰ সংযোগ অবিহনেই এই কাম কৰিবলৈ সক্ষম । দিৰাদে প্ৰেৰণ কৰা তথ্য প্রথমে বনবিভাগৰ নির্ধাৰিত কম্পিউটাৰত যায় । তাৰ পাছত কম্পিউটাৰৰ ব্লিশেষণকাৰী ক্ষমতাই মুহূর্তৰ ভিতৰতে তথ্য ব্লিশেষণ কৰি জুই লগাৰ সত্যতা জানি লয় ।

বিশেষজ্ঞসকলৰ মতে, দিৰাদৰ এই বিশেষ প্রযুক্তিয়ে জুই নুমুওৱা কাৰ্যত আগৰ তুলনাত অধিক সহায় কৰিব ।

Exit mobile version