Guwahati : জালুকবাৰী-বাইহাটাত জব্দ বৃহৎ পৰিমাণৰ দুখন ট্ৰাকভৰ্তি অৰুণাচলী সুৰা

Guwahati :

দেওবাৰে শৰাইঘাট দলঙৰ সমীপত জব্দ হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা । উত্তৰ কামৰূপৰ পৰা গুৱাহাটী মহানগৰ অভিমুখে আহি আছিল সুৰাভৰ্তি ট্ৰাকখন ।

গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আবকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই জব্দ কৰে পাঁচশ কাৰ্টুন সুৰাভৰ্তি ট্ৰাকখন । এএছ০১ইচি৩২৯৯ নম্বৰৰ সুৰাভৰ্তি ট্ৰাকখনে অৰুণাচলী সুৰা সৰবৰাহ কৰি জালুকবাৰীত প্ৰৱেশ কৰাৰ সময়তে আবকাৰী বিভাগৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় । অভিযান চলোৱা দলটোৱে ট্ৰাকভৰ্তি অৰুণাচলী সুৰাৰ স’তে দুজন ব্যক্তিক আটক কৰিছে । ধৃত ব্যক্তি দুজন হৈছে ৰাহুল আলি, ইনামূল হক ।

আনহাতে, জালুকবাৰীত অভিযান চলোৱাৰ পূৰ্বে আবকাৰী বিভাগৰ দলটোৱে আন এখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক বাইহাটা চাৰিআলিত জব্দ কৰে বুলি জনায় আবকাৰী অধীক্ষক মানৱী দাসে । ধৃত দুজনক জেৰা অব্যাহত ৰাখিছে আবকাৰী বিষয়াসকলে ।

Exit mobile version