Guwahati : বিশিষ্ট সমাজবিজ্ঞানী প্ৰয়াত ড০ প্ৰফুল্ল মহন্ত আৰু বড়ো লোকসংস্কৃতি সাধক ক্ষীৰোদ খাখলাৰীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা

WhatsApp Image 2022 11 27 at 18.31.32

Guwahati :

দিনজোৰা কাৰ্যসূচীৰে আজি গুৱাহাটী মহানগৰীৰ বড়ো সাহিত্য সভাৰ সাংস্কৃতিক প্ৰকল্প চৌহদত বিশিষ্ট সমাজবিজ্ঞানী, গৱেষক পণ্ডিত আনন্দৰাম বৰুৱা ভাষা কলা আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড০ প্ৰফুল্ল মহন্ত আৰু বড়ো লোকসংস্কৃতিৰ সাধক আৰু ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা বিজয়ী ক্ষিৰোদ খাখলাৰী দেৱৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ।

কাৰ্যসূচী অনুযায়ী পুৱা ১০ বজাত স্বৰ্গীয় ড০ প্ৰফুল্ল মহন্তৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ড০ মহন্তৰ সহধৰ্মিনী চেনিচম্পা মহন্তই । তেনেদৰে স্বৰ্গীয় ক্ষিৰোদ খাখলাৰীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন মাল্যাৰ্পন কৰে স্বৰ্গীয় খাখলাৰীৰ কনিষ্ঠ কন্যা বিক্ৰমা খাখলাৰীয়ে ।

ইয়াৰ পাছত পুৱা ১০ বাজি ৩০ মিনিটত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় । ইয়াৰ পাছত দিনৰ ১১ বাজি ৩০ মিনিটত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসাহিত্য বিভাগৰ অধ্যাপক ড০ অনিল বড়োৱে ।

তাৰ পাছতে অভ্যৰ্থনা সমিতিৰ সভাপতি কাবাৰাম স্বৰ্গীয়াৰীৰ পৰিচালনাত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় । স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, বিশিষ্ট লোক সংস্কৃতিৰ পূজাৰী গায়ক লোকনাথ গোস্বামী, বিটিচিৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবায়ছা বড়ো, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী ।

Exit mobile version