Mumbai Airport : মুম্বাই বিমানবন্দৰয আটক ৫০ কোটি টকাৰ হেৰ’ইন, গ্রেপ্তাৰ ইথিয়াপিয়াৰ পৰা অহা যাত্ৰী

Heroin 1661695903

Mumbai Airport :

মুম্বাই বিমানবন্দৰৰ পৰা উদ্ধাৰ হৈছে প্রায় আঠ কেজি হেৰ’ইন । যোৱা ২৫ নৱেম্বৰত গোপন সূত্রে খবৰ লাভ কৰি মুম্বাইৰ ছত্রপতি শিৱাজি মহাৰাজ আন্তর্জাতিক বিমানবন্দৰত যৌথ অভিযান চলাইছিল আৰক্ষী আৰু ডায়ৰেক্টৰেট অৱ ৰেভেনিউ ইন্টেলিজেন্স বিভাগৰ বিশেষ দলে ।

তাৰ পাছতেইই ইথিওপিয়াৰ পৰা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰা বিমানৰ কিছুসংখ্যক যাত্রীক আটক কৰে যৌথ দলে ।

সন্দেহযুক্ত যাত্ৰীৰ বেগ তালাচী কৰি প্রায় আঠ কেজি হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । প্ৰাপ্ত তথ্য অনুসৰি, এই হেৰ’ইনৰ বজাৰমূল্য ৫০ কোটি টকা । হেৰ’ইন পোৱৰ পাছতেই তেওঁলোকক গ্রেপ্তাৰ কৰা হয় । পাছত তেওঁলোকক বিচাৰবিভাগীয় হেফাজতত ল’বৰ বাবে আবেদন জনোৱা হয় আৰক্ষীৰ তৰফৰ পৰা ।

আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে গ্রেপ্তাৰ হোৱা যাত্রীসকল ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাৰ বাসিন্দা । মাদক সৰবৰাহত অভিযুক্ত যাত্রীসকলক সোধ-পোচ কৰিব বিচাৰে আৰক্ষীয়ে ।

আৰক্ষীৰ একাংশৰ দাবী, তেওঁলোকে ক’ৰ পৰা এই হেৰ’ইন পাইছে, ক’ত সৰবৰাহ কৰা হৈছিল, এই প্ৰশ্নবোৰৰ উত্তৰ নোপোৱা পৰ্যন্ত ঘটনাৰ নেপথ্যত কোনো বৃহৎ মাদকচক্র জড়িত আছে নেকি বুজিব পৰা নাযাব ।

Exit mobile version