Ganja Seized: মহানগৰীৰ গড়চুকত জব্দ ৩.৫ কোটিৰ গাঞ্জা

আটক চাৰি সৰবৰাহকাৰীক

3f8a843d f16e 4036 a79a f9b0fdcd7cae 1

Ganja Seized :

মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে মঙলবাৰে গড়চুকত চাৰি সৰবৰাহকাৰী সহ ৩.৫ কোটি টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷

মহানগৰ আৰক্ষীৰ যুটিয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষী দল এটিয়ে আজি গোপন সূত্ৰৰ পমখেদি গড়চুকত এন এল -০১-এ এ-৩০৩৮ নম্বৰৰ এখন ট্ৰাকত অৰ্তকিতে তালাচী চলাই জব্দ কৰে প্ৰায় ৫০০ কেজি ওজনৰ গাঞ্জা৷

লগতে গাঞ্জা সৰবৰাহকাৰীৰ স’তে জড়িত থকা চাৰি সৰবৰাহকাৰী মনিষ কুমাৰ,দীনবন্ধু কুমাৰ,সঞ্জয় কুমাৰ আৰু নবীন কুমাৰ ৷ আৰক্ষীয়ে জানিব দিয়া মতে জব্দকৃত গাঞ্জা খিনিৰ মূল্য প্ৰায় তিনি কোটি পাঁচ লাখ৷

ধৃত সৰবৰাহকাৰী কেইটাক ইতিমধ্যে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version