Bengaluru : প্ৰেমিকাক বিয়া কৰোৱাৰ আশাত এটিএমৰ পৰা চুৰি কৰিলে ২০ লাখ টকা , তাৰ পাছত !

WhatsApp Image 2022 11 30 at 14.15.45

Bengaluru :

প্ৰেমিকাক বিয়া কৰোৱাব বুলি বাংগালুৰুৰ এটা এটিএমৰ পৰা ২০ লাখ টকা চুৰি কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱকে ।

তেওঁ এটিএমত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২৩ বছৰীয়া যুৱকজনক দীপংকৰ নমসুদ্ৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ অসমৰ বাসিন্দা । কৰ্মসূত্ৰে বাংগালোৰত বাস কৰে দীপাংকৰ ।

আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁ ছয় মাহ আগতে বাংগালুৰুৰ এটিএমত নিৰাপত্তাৰক্ষী হিচাপে যোগদান কৰে । দিপাংকৰে এটিএম মেচিনত টকা ভৰ্তি কৰিবলৈ অহা কৰ্মচাৰীজনৰ স’তে বন্ধুত্বও কৰে ।

কৰ্মচাৰীজনে তেওঁৰ ডায়েৰীত এটিএম মেচিন খোলাৰ পাছৱৰ্ডটো লিখি ৰাখিছিল । সুযোগ বুজি দীপংকৰে পাছৱৰ্ডটো চাই ল’লে ।

১৭ নৱেম্বৰৰ সন্ধিয়া, দীপাংকৰে এটিএম মেচিনটো খুলি ২০ লাখ টকা চুৰি কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এটিএমটো যি বেংকৰ অন্তৰ্গত, তাৰ জ্যেষ্ঠ মেনেজাৰ স্থানীয় আৰক্ষী থানাত দীপাংকৰৰ বিৰুদ্ধে চুৰিৰ অভিযোগ দাখিল কৰে ।

মেনেজাৰৰ মতে, এটিএমৰ নিৰাপত্তাৰক্ষী দীপংকৰে এটিএমৰ পৰা ১৯ লাখ ৯৬ হেজাৰ ৬০০ টকা চুৰি কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে এটিএমৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে । দীপাংকৰে ১৭ নৱেম্বৰৰ সন্ধিয়া ৭.৫০ বজাৰ পৰা সন্ধিয়া ৮.২০ বজাৰ ভিতৰত চুৰি কৰে ।

চিচিটিভি ফুটেজত ধৰা পৰিছে যে চুৰি কৰাৰ পাছত তেওঁ এটিএমৰ ভিতৰত নিজৰ কাপোৰ সলনি কৰে । এটিএম কোঠাৰ লাইট অফ কৰি কেমেৰাটো আন দিশত ঘূৰাই দিয়াও দেখা গৈছে ।

পলাতক অভিযুক্তজনক তেওঁৰ অসমৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰাথমিক অনুসন্ধান অনুসৰি,চুৰি হোৱা ধনৰ পাঁচ লাখ টকা দীপংকৰে তেওঁৰ বন্ধুবৰ্গৰ স’তে পাৰ্টি কৰি , বিলাসী হোটেলত থাকি খৰচ কৰিছে ।

আৰক্ষীয়ে এতিয়ালৈকে ১৪ লাখ দুই হেজাৰ টকা উদ্ধাৰ কৰিছে। জেৰাৰ সময়ত, দীপংকৰে জনাই যে তেওঁৰ চুৰি কৰাৰ কোনো ইচ্ছা নাছিল । তেওঁ এটিএম যন্ত্ৰৰ পাছৱৰ্ড দেখি টকা খিনি উলিয়াইছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দীপংকৰে তেওঁৰ প্ৰেমিকাক বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁ বিয়াৰ বাবে পৰ্যাপ্ত ধন নাছিল । গতিকে তেওঁ টকা চুৰি কৰি পলায়ন কৰে । দীপাংকৰে চুৰি কৰা ধনেৰে তেওঁৰ নিজৰ ঘৰ আৰু হোটেল খোলাৰ পৰিকল্পনাও আছিল।

Exit mobile version