Jorhat Kidnap : ৰাজ্যত পুনৰ অপহৰণ কাণ্ড !

অমৰজিৎ চাহু নামৰ এজন ছাত্ৰ জনক অপহৰণৰ অভিযোগ পৰিয়ালৰ

two robbers kidnap businesswomanreceive money 260nw 1738228634

Jorhat Kidnap :

যোৰহাট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি দুৰ্বৃত্তই জিলা খনত ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷

এইবাৰ দুৰ্বৃত্তই সংঘটিত কৰিছে অপহৰণ কাণ্ড ৷ যোৰহাটৰ ৰজাবাৰীত অমৰজিৎ চাহু নামৰ ছাত্ৰ এজনক অপহৰণ কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে৷

যোৰহাট সদৰ থানাত দাখিল কৰা এজাহাৰত অপহৰণকাৰীয়ে ছাত্ৰজনৰ মুক্তি দিয়াৰ নামত ৫০ লাখ টকা মুক্তিপণ বিচৰাৰ কথা উল্লেখ কৰিছে ৷

অপহ্ত ছাত্ৰজন যোৰহাটৰ প্ৰতিষ্ঠিত ঠিকাদাৰ ৰাজেশ চাহুৰ পুত্ৰ ৷ উল্লেখ্য যে অমৰজিৎ চাহুৰ অপহৰণকলৈ এক ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে ৷ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত হে উন্মোচিত হ’ব অপহৰণ কাণ্ডৰ প্ৰকৃত ৰহস্য ৷

Exit mobile version