Pandu Fire: মহানগৰীৰ পাণ্ডুত ভয়ংকৰ অগ্নিকাণ্ড

জুইত জাহ গ'ল ১০টাকৈ ঘৰ

3843a2bc b3f5 4b44 905e d8c7e7e99a1c

Pandu Fire :

মহানগৰীৰ পাণ্ডুত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ পাণ্ডুৰ চাৰি নং কলনীত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰায় ১০টাৰো অধিক বাসগৃহ জুইত ভস্মীভূত হয় ৷ ক্ষয়ক্ষতি হয় বহুলাখ টকাৰ সা-সম্পত্তি৷ প্ৰাপ্ত খবৰ মতে ভয়াৱহ অগ্নিকাণ্ডত বিস্ফোৰিত হয় চাৰিটাকৈ চিলিণ্ডাৰ।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কে’বাঘণ্টাযোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

আনহাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ক’ৰ পৰা হৈছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও জালুকবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version