Jubin Nautiyal : খটখটিৰ পৰা পৰি গুৰুতৰ আহত জুবিন নৌতিয়াল

images

Jubin Nautiyal :

দুর্ঘটনাতপতিত জনপ্রিয় গায়ক জুবিন নৌতিয়াল । খটখটিৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈ গায়কজন । কিলাকুটি আৰু কামিহাড় ভাঙিছে তেওঁৰ । মূৰতো আঘাত পাইছে ।

লগে লগে মুম্বাইৰ এখন হাস্পাতালত লৈ যোৱা হয় তেওঁক । জুবিনৰ সোঁ-হাতত অস্ত্রোপচাৰ কৰা হৈছে । দৈনন্দিন কৰ্মত সম্প্ৰতি সেই হাত ব্যৱহাৰ নকৰাৰ পৰামর্শ দিছে চিকিৎসকসকলে ।

‘তু সামনে আয়ে’, ‘মানিকে’, ‘বানা ছৰাবি’-ৰ দৰে গান গাই বৰ্তমানৰ যুৱ প্ৰজন্মৰ হৃদয় জিনিছে জুবিনে । নেপথ্য গায়কৰূপে বলিউডতো ঠা পাইছে ইতিমধ্যে ।

বৃহস্পতিবাৰে তেওঁৰ আহত হোৱাৰ খবৰে উদ্বেগ বৃদ্ধি কৰে অনুৰাগীসকলৰ । দ্রুত সুস্থ হোৱাৰ শুভেচ্ছা জনাইছে সকলোৱে ।

সম্প্রতি ‘মানিকে মাগে হিতে’-ৰ জনপ্রিয় গায়িকা ইয়োহানিৰ স’তে ‘তু সামনে আয়ে’ গীতটি গাইছিল জুবিনে । সেই গীতেও মন স্পৰ্শ কৰিছে অনুৰাগীসকলৰ । শ্বুটিং হৈছিল লাদাখত, ভিডিঅ’টোও জনপ্রিয় হয় ।

বিগত সপ্তাহত ডুবাইৰ এটা লাইভ কনছার্টত গীত পৰিবেশন কৰাৰ পাছত জুবিনে কয়, “দর্শক-শ্রোতাসকলক বিনোদন দি যোৱাতেই মোৰ আনন্দ । মোৰ অনুৰাগীসকলক ভালকৈ এৰি যাব পাৰিম বুলি আশাবাদী ।”

Exit mobile version