Lamborghini: নিজ হাতে প্ৰস্তুত কৰা বিলাসী লেম্বৰঘিনি লৈ গুৱাহাটীত উপস্থিত নুৰল হক

WhatsApp Image 2022 12 02 at 12.09.40

Lamborghini:

নিজ হাতে প্ৰস্তুত কৰা বিলাসী লেম্বৰঘিনি লৈ গুৱাহাটীত উপস্থিত নুৰল হক ৷

শিলচৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত অংশগ্ৰহণৰ বাবে উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি লেম্বৰ খন প্ৰদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীয়ে বিলাসী বাহন খন চলাই আপ্লুত হৈ নুৰুলক লেম্বৰ সহ গুৱাহাটীলৈ আমন্ত্ৰণ জনায় ৷

নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত নুৰুলে নিজহাতে চাৰিমাহ অশেষ কষ্টৰ অন্তত নিৰ্মাণ কৰি উলিয়াই অত্যাধুনিক সা- সুবিধাযুক্ত ইটালিয়ান মডেলৰ লেম্বৰঘিনি ৷

শুক্ৰবাৰে মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিকভাৱে উপহাৰ স্বৰূপে প্ৰদান কৰিব লেম্বৰ খন ৷ লেম্বৰ খন নিৰ্মাণ কৰোতে নুৰুলৰ ব্যয় হয় প্ৰায় ১০ লাখ ২০ হাজাৰ টকা ৷

মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ পোৱাৰ পিচতে শিলচৰৰ পৰা গুৱাহাটীত উপস্থিত হওতে সময় লাগে প্ৰায় বাৰঘন্টা ৷শিলচৰৰ পৰা মেঘালয়ৰ পৰা অহা যাত্ৰা পথত ঠায়ে ঠায়ে কে’বা সহস্ৰাধিক লোকে তেওঁক আগভেটি ধৰি চেলফি উঠি আনন্দ- উলাহ কৰে ৷

পৰৱৰ্তী সময়ত নিৰাপত্তাজনিত কাৰণত মেঘালয় আৰক্ষী আৰু যোৰাবাটৰ পৰা অসম আৰক্ষীৰ নিৰাপত্তা মাজেৰে নিশা মহানগৰীত লেম্বৰ সহ উপস্থিত হয় নুৰুল হক ৷

উল্লেখ্য মুখ্যমন্ত্ৰীৰ আতিথ্য মহানগৰীত বাহৰ পতা নুৰুলক বাহনন খনৰ বাবে যাবতীয় বিভাগীয় অনুমতি দিছে সংশ্লিষ্ট বিভাগে ৷

মহানগৰতো অনুৰাগীয়ে লেম্বৰ খনৰ স’তে চেলফি উঠিবলৈ হেতাওপৰা কৰা পৰিলক্ষিত হয় ৷

Exit mobile version