Unemployment : অসমত ডেৰগুণলৈ বৃদ্ধি নিবনুৱাৰ সংখ্যা

58955231

Unemployment :

লাখ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত কৰ্মসংস্থাপনহীনতাৰ উদ্বেগজনক তথ্য পুনৰ পোহৰলৈ আহিছে । চলিত বৰ্ষৰ জুনত তৃতীয় সৰ্বাধিক নিবনুৱাৰ ৰাজ্যত পৰিণত হোৱা অসমত পুনৰ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত এই নৱেম্বৰতে নিবনুৱাৰ সংখ্যা ডেৰগুণলৈ বৃদ্ধি পালে । এই তথ্য চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকন’মী (চিএমআইই)ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ।

ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন আকৌ এবাৰ প্ৰকট কৰি দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ নিৰীক্ষক সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন মৰ্মে চলিত বৰ্ষৰ নৱেম্বৰত দেশত নিবনুৱাৰ হাৰ হয় ৮.১ শতাংশ আৰু এই হাৰৰ বিপৰীতে উল্লিখিত সময়ছোৱাত অসমৰ নিবনুৱাৰ হাৰ হৈছে ১৪ শতাংশ ।

সমান্তৰালভাৱে নৱেম্বৰত দেশৰ চহৰ অঞ্চলৰ নিবনুৱাৰ হাৰ হৈছে ন শতাংশ আৰু অসমৰ চহৰ অঞ্চলৰ নিবনুৱাৰ হাৰ ১০.২ শতাংশ । একেদৰে এই মাহটোত দেশৰ গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ৭.৭ শতাংশ আছিল যদিও ইয়াৰ বিপৰীতে অসমৰ গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত দুগুণ বৃদ্ধি হৈ ১৪.৭ শতাংশ হোৱা বুলি তথ্যত প্ৰকাশ পাইছে ।

উল্লেখ্য যে দেশৰ ভিতৰতে নৱেম্বৰত ৩০.৬ শতাংশ নিবনুৱাৰ হাৰেৰে শীৰ্ষত আছে হাৰিয়ানা । একেদৰে ২৪.৫ শতাংশ হাৰেৰে দ্বিতীয় স্থানত আছে ৰাজস্থান ।

নিবনুৱাৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত অসম সপ্তম স্থানত আছে যদিও ৰাজ্যখনত চলিত বৰ্ষটোত ক্ৰমাগতভাৱে ষষ্ঠবাৰলৈ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ জুনত ৰাষ্ট্ৰীয় হাৰতকৈ আঢ়ৈ গুণ বৃদ্ধি হৈ ১৭.২ শতাংশ নিবনুৱা সংখ্যাৰ হাৰেৰে ৰাজ্য হিচাপে দেশৰ ভিতৰতে তৃতীয় স্থানত আছিল অসম । ইয়াৰ উপৰি চলিত বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মে’, অক্টোবৰত ৰাষ্ট্ৰীয় হাৰতকৈ অসমৰ নিবনুৱাৰ সংখ্যাৰ হাৰ উচ্চ হাৰত আছিল ।

ইয়াৰ পাছতে পুনৰ ষষ্ঠবাৰলৈ ৰাজ্যখনত উচ্চ হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ দিশ উন্মোচিত হৈছে সংস্থাটোৰ প্ৰতিবেদনত ।

লক্ষ্যণীয় যে সমগ্ৰ দেশজুৰি বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ । ভাৰতত যোৱা তিনিমাহৰ ভিতৰত নৱেম্বৰত সৰ্বাধিক আঠ শতাংশ হয় । নগৰীয়া ভাৰতত এই সংখ্যা সৰ্বাধিক ৮.৯৬ শতাংশ আৰু গ্ৰাম্য ভাৰতত ৭.৫৫ শতাংশ । ইপিনে, চলিত বৰ্ষৰ অক্টোবৰত নগৰীয়াৰ নিবনুৱাৰ হাৰ আছিল ৭.২১ শতাংশ ।

Exit mobile version