Barak Democratic Front : বিজেপি-ক সুবিধা কৰি দিবলৈ অপ্ৰীতিকৰ মন্তব্য কৰিছে আজমলে !

এইউডিএফ-ক ভোট নিদিবলৈ আহ্বান বৰাক ডেম'ক্রেটিক ফ্রন্টৰ

Barak Democratic Front :

সম্প্রতি সংবাদ মাধ্যমেৰে এক সাক্ষাৎকাৰত হিন্দুসকলৰ বিবাহ ৰীতিক লৈ অপ্ৰীতিকৰ মন্তব্য কৰিছে এআইউডিএফ প্রধান বদৰুদ্দিন আজমলে । এই সন্দৰ্ভত এইবাৰ প্রতিক্রিয়া প্ৰকাশ কৰিলে বৰাক ডেম’ক্রেটিক ফ্রন্টে ।

বিডিএফ-ৰ মুখ্য আহ্বায়ক প্রদীপ দত্তৰায়ে কয় যে যি ৰাজনৈতিক ব্যক্তিয়ে এই ধৰণৰ নিকৃষ্ট মন্তব্য কৰিব পাৰে তেওঁ জনগণৰ প্রতিনিধি হোৱাৰ অযোগ্য ।

প্রদীপ বাবুৱে কয় যে তেওঁ নিশ্চিত যে বিজেপি নেতাসকলৰ নির্দেশ আৰু বুজাপৰাৰ ভিত্তিতেই তেওঁ অহেতুক এই মন্তব্য কৰি সাম্প্রদায়িক বিভাজনত উচতনি দিব বিচাৰিছে ।

এই মেৰুকৰণ হ’লে উভয় পক্ষৰেই লাভ । হিন্দুসকলৰ ভোট বিজেপিৰ পক্ষত আৰু মুছলিম ভোট তেওঁৰ পক্ষত সংগঠিত হ’ব ।

বিডিএফ আহ্বায়কে কয় যে এইবোৰ খেল এতিয়া পুৰণা হৈ গৈছে । জনগন এতিয়া মূৰ্খ নহয়, এইসমূহ ষড়যন্ত্র তেওঁলোকে এতিয়া অনায়াসে ধৰিব পাৰে ।

তেওঁ কয়, হয়তো চলিত গুজৰাট নির্বাচন বা ৰাজ্যৰ আসন্ন পঞ্চায়ত নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইচ্ছাকৃতভাৱে এইবোৰ খেল খেলা হৈছে ।

তেওঁ লগতে কয় যে এইউডিএফ, যিয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰিছে এই বিষয়ত জনতাৰ আৰু কোনো সন্দেহ নাই । সেয়ে এইউডিএফ-ক ভোট দিয়া মানে বিজেপি দল জয়ী হোৱা পথ প্রশস্ত কৰা ।

প্রদীপ বাবুৱে কয় সকলোৱে এয়া মনত ৰাখিব লাগিব । সেয়ে নিজৰ স্বার্থত এআইউডিএফ-ক এটাও ভোট নিদিবলৈ আহ্বান জনাইছে তেওঁ ।

বিডিএফ-ৰ আন এক আহ্বায়ক আইনুল হক মজুমদাৰে কয় যে এজন সাংসদৰ মুখত এই ধৰণৰ মন্তব্য একেবাৰে শোভা নাপায় আৰু এই মন্তব্য কৰে হিন্দু মুছলমান উভয় সম্প্রদায়ক অপমান কৰিছে বদৰুদ্দিন আজমলে ।

তেওঁ কয় যে, সাম্প্রতিক বান সাহায্য, নিবনুৱাক চাকৰি, ছুপাৰি ব্যাৱসায়ীসকলৰ সংকট ইত্যাদিক লৈ জনতাৰ মনত যি ক্ষোভ দেখা দিছে তাৰ পৰা দৃষ্টি আঁতৰাবলৈ বিজেপি আৰু এআইইউডিএফ-য়ে মিলিতভাৱে এই পৰিকল্পনা কৰিছে সেয়া এই মন্তব্যৰ পৰা বুজিব পৰা গৈছে ।

তেওঁ কয় যে এআইইউডিএফ দলে জনগনৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে । সেয়ে বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা অৱসৰ লৈ আতৰ ব্যাৱসায়ত মনোযোগ দিয়াৰ পৰামর্শ দিছে তেওঁ । তেওঁৰ বক্তব্য, ইয়াৰ ফলত তেওঁৰ আৰু ৰাজ্যৰ জনগন উভয় পক্ষৰেই উপকাৰ হ’ব ।

Exit mobile version