Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 02 at 11.10.14

Horoscope :

মেষ : কর্মক্ষেত্ৰত সমস্যা। যাত্ৰা কৰোতে সতর্ক হ’ব। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

বৃষ : ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। যাত্ৰাৰ বাবে শুভ। নীলা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৮।

মিথুন : ব্যৱসায়ত লাভ। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে! যাত্ৰাৰ দুপৰীয়া ১২ বজাৰ পাছত কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।

কর্কট :আয় অনুপাতে ব্যয় বৃদ্ধি। কৰ্মত সফলতা। পুৱাৰ ভাগত যাত্ৰা কৰিব। সেউজীয়া ৰং শুভ ৰং। বিদ্যাত শুভ। শুভ সংখ্যা ৬।

সিংহ : আনৰ প্ৰতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং পাতল গুলপীয়া। শুভ সংখ্যা ২।

কন্যা :কর্মক্ষেত্ৰত শুভ। পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব সন্ধিয়া পাঁচ বজাৰ পাছত যাত্ৰা নকৰিব। প্ৰেমত বাধা। শুভ সংখ্যা ৭। শুভ ৰং ৰঙা।

তুলা : যাত্ৰা সাৱধানে কৰিব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ৮। শুভ ৰং কমলা।

বৃশ্চিক :অৰ্থ প্ৰাপ্তিৰ ক্ষেত্ৰত সৰু সুৰা বাধা। যাত্ৰা কৰিব পাৰে। শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব। শুভ সংখ্যা ৭।

ধনু: যাত্ৰা পুৱা ১০ বজাৰ পাছত ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্ৰেমত সন্দেহ। শুভ ৰং নীলা, শুভ সংখ্যা ৬।

মকৰ : শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ। প্ৰেমত সফলতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

কুম্ভ : অংশীদাৰী ব্যৱসায়ত উন্নতি। যান বাহনৰ দ্বাৰা আঘাত পাব পাৰে। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।

মীন : ধনাগম বৃদ্ধি পাব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।

Exit mobile version