Delhi Fire : দিল্লীৰ এখন হোটেলত ভয়াৱহ অগ্নিকাণ্ড ! ঘটনাস্থলিত উপস্থিত ১০ খন অগ্নিনিৰ্বাপক বাহিনী ,

1670223189 delhi fire

Delhi Fire :

সোমবাৰে পুৱা পূব দিল্লীৰ কাৰকাৰডুমা অঞ্চলৰ এখন হোটেলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । আৰক্ষীয়ে জনোৱা মতে,এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

অৱশ্যে, হোটেলখনৰ বিভিন্ন স্থানলৈ জুই বিয়পি পৰাৰ লগে লগে দহটা অগ্নি নিৰ্বাপক ইঞ্জিন ঘটনাস্থলীত উপস্থিত হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি, জুই নিয়ন্ত্ৰণলৈ অনা হৈছে।

অগ্নি নিৰ্বাপক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে যে তেওঁলোকলৈ সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত খবৰ আহে পূব দিল্লীৰ এখন হোটেলত জুই লাগিছে ।

প্ৰথমতে, সাতটা অগ্নি নিৰ্বাপক ইঞ্জিন ঘটনাস্থলীত উপস্থিত হয় , কিন্তু পাছত আৰু তিনিটা লৈ যোৱা হয় । অৱশ্যে, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি আছে।

অগ্নি নিৰ্বাপক বিষয়াসকলৰ মতে, হোটেলৰ কোঠাৰ এটা শ্বৰ্ট চাৰ্কিটৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয়।

অৱশ্যে, হোটেলৰ ভিতৰত থকা সকলোকে সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে । যিসকলক হোটেলৰ মূল গেটৰ মাজেৰে উদ্ধাৰ কৰিব পৰা নাছিল তেওঁলোকক অগ্নিনিৰ্বাপক বাহিনীয়ে জখলাৰ সহায়ত তললৈ নমাই আনিছিল।

অগ্নি নিৰ্বাপক বাহিনীৰ এটা অংশই দাবী কৰিছিল যে হোটেলখনত অগ্নি নিৰ্বাপক ব্যৱস্থা সঠিক নাছিল। ইয়াৰ বাহিৰেও, হোটেলৰ অতিথিসকলৰ নাম আৰু ঠিকনা ক’তো লিখা হোৱা নাই।

ফলস্বৰূপে, জুই লগাৰ সময়ত হোটেলখনত কিমান জন লোক আছিল সেয়া জনা নাযায়। অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীয়ে অনুমান কৰে যে তেওঁলোক সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

Exit mobile version