Dengue : বিগত বৰ্ষৰ তুলনাত ৰাজ্যত ডেংগুৰ সংক্রমণ চলিত বৰ্ষত ২০ গুণ বৃদ্ধি

সংক্রমণ হ্রাস পালেও কমা নাই আতংক

images 1 2

Dengue :

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৰাজ্যত প্ৰায় ২০ গুণলৈ বৃদ্ধি পালে ডেংগুৰ সংক্ৰমণৰ সংখ্যা। বিগত বৰ্ষত ৰাজ্যত ১০৩ জন লোক ডেংগুত আক্ৰান্ত হৈছিল যদিও চলিত বৰ্ষৰ তিনি ডিচেম্বৰ দিনটোলৈ ১,৯৪১ জন লোক ডেংগুত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

নেছনেল ভেক্টৰ বৰ্ণ ডিজিছ কণ্ট্ৰ’লৰ তথ্য অনুসৰি, ২০১৭৩ ৰাজ্যত সৰ্বাধিক ৫,০২৪জন লোক ডেংগুত আক্ৰান্ত হৈছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষসমূহত ২০১৮৩ ১৬৬জন, ২০১৯৩ ১৯৬জন, ২০২০ত ৩৩ জন আৰু ২০২১ত ১০৩ জন লোকৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰিছিল।

চলিত বৰ্ষৰ ৩১ অক্টোবৰ পৰ্যন্ত ৰাজ্যত ডেংগুত আক্ৰান্তৰ সংখ্যা ১৯১ জন আছিল যদিও নৱেম্বৰত ধাৰণ কৰা সংহাৰী ৰূপে তিনি ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত ১,৯৪১ জন লোক ডেংগুত আক্রান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৰাজ্যত ডেংগুৰ সংক্ৰমণ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও মাৰ যোৱা নাই ইয়াৰ আতংক। তাৰ মাজতে যোৱা নৱেম্বৰত ৰাজ্যৰ ১,৬৫৭জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

কাৰ্বি আংলঙক মুখ্য কৰি লৈ বিগত মাহটোত গুৱাহাটী মহানগৰীকে ধৰি ধেমাজি, ডিমা হাছাও, তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ আদি জিলাত ব্যাপক হাৰত ডেংগু সংক্রমণ বৃদ্ধি পাইছিল বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে তথ্য প্ৰকাশ কৰিছে।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, নৱেম্বৰত কেৱল কাৰ্বি আংলঙতে ১,১৬২ জন লোক ডেংগুত আক্ৰান্ত হৈছে। পাহাৰীয়া জিলাখনত পহিলা নৱেম্বৰৰ পৰা আঠ নৱেম্বৰলৈ মুঠ ৪৭৮ জন লোকৰ দেহত ডেংগু উপস্থিতি ধৰা পৰাৰ সমান্তৰালভাৱে ন নৱেম্বৰ পৰা ১৬ নৱেম্বৰলৈ ৩৬৮জন, ১৭ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ২০৪জন আৰু ২৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ কাৰ্বি আংলঙত ১১২ জন লোক ডেংগুত আক্ৰান্ত হৈছে।

সম্প্রতি জিলাখনত বিগত মাহৰ তুলনাত ডেংগুৰ সংক্রমণ হ্রাস পাইছে বুলি বিভাগটোৱে তথ্য সদৰী কৰি পহিলা ডিচেম্বৰত ১১জন, দুই ডিচেম্বৰত ১৪ জন আৰু তিনি ডিচেম্বৰত ১৭জন লোক ডেংগুত আক্ৰান্ত হৈছে বুলি কয়।

আনহাতে, ৰাজ্যৰ ভিতিৰতে দ্বিতীয় সর্বাধিক ডেংগুৰ সংক্ৰমিত জিলা হিচাপে চিহ্নিত হৈছে কামৰূপ মহানগৰ।ৰাজধানী চহৰখনত পহিলা নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত ১৬৮জন লোক ডেংগুত আক্রান্ত হোৱাৰ সমান্তৰালভাৱে যোৱা তিনি দিনত পুনৰ ১১ জন লোকৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৬৪ জনৰ ভিতৰত পাঁচজন বর্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে চাৰিৰ্জনৰ মৃত্যু আৰু আনসকলে সুস্থ হৈ ঘৰলৈ উভতিছে বুলি হাস্পতালখনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই তথ্য সদৰী কৰিছে।

উল্লেখ্য যে পহিলা নৱেম্বৰৰ পৰা আঠ নৱেম্বৰলৈ মহানগৰীত ২৯ জন লোক ডেংগুত আক্রান্ত হৈছিল। ইয়াৰ উপৰি ন নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ ৬২ জন, ১৭ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ৫৭ জন আৰু ২৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ গুৱাহাটী মহানগৰীত ২০ জন লোক ডেংগুত আক্রান্ত হোৱাৰ তথ্য সদৰী কৰিছে সংশ্লিষ্ট বিভাগে।

ইফালে, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰৰ উপৰি ধেমাজি, ডিমা হাছাও, তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰতো ডেংগুৰ সংক্ৰমণ অব্যাহত আছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, নৱেম্বৰত ধেমাজিত ৩৭ জন, ডিমা হাছাওত ৩৫ জন, তিনিচুকীয়াত ৩২ জন, গোলাঘাটত ২৬ জন, শোণিতপুৰত ২২জন, যোৰহাটত ১৯ জন, কামৰূপ
গ্ৰাম্যত ১৮ জন, নগাঁৱত ১৫জন, লখিমপুৰ আৰু দৰঙত ১২ জনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে।

একেদৰে উল্লিখিত মাহটোত নলবাৰীত ১০ জন, হোজাইত নজন, বৰপেটাত আঠজন, কাছাৰত সাতজন, ডিব্ৰুগড়ত ছজন, গোৱালপাৰা, মৰিগাঁও আৰু ওদালগুৰিত পাঁচজনকৈ, কৰিমগঞ্জত চাৰিজন, শিৱসাগৰ, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙত তিনিজনকৈ, ধুবুৰীত দুজন আৰু বাগ্‌সা, চৰাইদেউ, কোকৰাঝাৰ আৰু মানকাচৰত নৱেম্বৰত এজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে।

উল্লেখ্য যে বিগত মাহটোৰ উপৰি তিনি ডিচেম্বৰৰ দিনটোত কাৰ্বি আংলঙত ১৭ জন, কামৰূপ মহানগৰ আৰু তিনিচুকীয়াত ছজন, গোলাঘাটত তিনিজনসহ মুঠ ১২খন জিলাত ৪০ জন লোক পুনৰ ডেংগুত আক্ৰান্ত হৈছে।

Exit mobile version