Guwahati : মহানগৰীত নিশা অসুৰক্ষিত নাৰী !

কৰ্মক্ষেত্ৰৰ পৰা গৃহাভিমুখী যুৱতী নিৰ্যাতনৰ বলি

WhatsApp Image 2021 12 27 at 9.16.02 AM

Guwahati :

মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে শেহতীয়াকৈ অপৰাধীক ৰুধিবলৈ ক্ৰাইম মেপ প্ৰস্তুত কৰিছে যদিও কমা নাই অপৰাধীৰ কাৰ্যকলাপ ৷ বৰং দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ অবৈধ কাৰ্যকলাপ ৷

সোমবাৰে নিশা নিজ কৰ্মক্ষেত্ৰৰ পৰা গৃহাভিমুখী দুগৰাকী যুৱতী নিৰ্যাতনৰ বলি হ’ল দুৰ্বৃত্তই৷ গুৱাহাটী মহানগৰীত আজিয়ো সুৰক্ষিত নহয় যুৱতী কিম্বা মহিলা। পুনৰ নিশা কৰ্মস্থলীৰ পৰা উভতি অহা নাৰী সন্মুখিন হয় নিৰ্যাতনৰ।

দুই যুৱতীক অশ্লীল ইংগিত দি ব্যতিব্যস্ত কৰা দুই যুৱকৰ এজনক পথচাৰীত তৎপৰতাত আটক হয় যদিও আন এজন পলায়ন কৰিবলৈ সক্ষম ৷

ঘটনাৰ স্থান দিছপুৰৰ অসম বিধানসভা সচিবালয়ৰ সমীপস্থ ৱায়াৰলেচ পথত ৷ ঘটনাৰ পিছতে হাতীগাওঁ আৰক্ষী উপস্থিত হৈ কৰায়ত্ব কৰা যুৱকজনক আটক কৰি থানালৈ লৈ যায় ৷

উল্লেখ্য যে যোৱা কিছুদিন ধৰি নিশা হ’লেও ৰাজপথত একাংশ উদণ্ড যুৱকৰ অতপালিৰ বাবে অসুৰক্ষিত অনুভৱ কৰে যুৱতী- মহিলা ৷ এই ক্ষেত্ৰত আৰক্ষীৰ নিয়মীয়া পেট্ৰলিংৰ দাবী কৰে মহানগৰীৰ সচেতন মহলে৷

Exit mobile version