Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 02 at 11.10.14

Horoscope :

মেষ: আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া- বাৰুৰ কথা-বতৰাত আগুৱাব পাৰে। প্রেম-প্রীতিত অনুকূল।

বৃষ : কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মিথুন : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেষ-অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কৰ্কট: মন ফৰকাল নাথাকিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্রমণত কষ্ট। নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱৰ্তন নাপাব। বাধা দুই-এটা আছে।

সিংহ: কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতো কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব।

কন্যা : কৰ্ম তৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্রশংসিত হ’ব। আৰ্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত। দাম্পত্যত মধ্যম। সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব। বিদ্যাত উন্নতি।

তুলা : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাপ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। কিন্তু নতুন এটা কৰি দেখুৱাৰো হাবিয়াহ আছে।

বৃশ্চিক :কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। মনোবল বচাওক। গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব৷ পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব।

ধনু : আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিভ। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব। পিছবেলা বিবিধ উন্নতি।

মকৰ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কৰ্মতো মন চঞ্চল হ’ব পাৰে। কোনো খবৰত বৰ সুখী নহ’ব পাৰে। আৰ্থিকতো চিন্তা। কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব। প্ৰেমত শুভ।

কুম্ভ: পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে থাকক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব।

মীন : কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবামতে সকলো দিশেই দুৱাৰ খোলা নাপাব। শৰীৰ সম্পৰ্কেও সচেতন থাকক। ভ্রমণাদিত একেবাৰে অন্য মনস্ক হ’ব। দুষ্ট চিন্তা কিনৰব।

Exit mobile version