Cm Visit Golaghat:গোলাঘাটত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

১,৫০০ কোটি টকা ব্যয় সাপেক্ষে ১৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন ,ঐতিহাসিক ৰহধলা পথাৰত জুটি ল'লে ৰবাব টেঙাৰ

WhatsApp Image 2022 12 09 at 17.15.43

Cm Visit Golaghat:

পাঁচ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ বাবে এটা পষেক শীৰ্ষক কাৰ্যসূচী অনুসৰি আজি দিনজোৰা ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় গোলাঘাট জিলাত ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে ১৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, নতুন প্ৰকল্পসমূহে ঐতিহাসিক জিলাখনক অসমৰ এক অন্যতম প্ৰগতিশীল জিলা হিচাপে চিহ্নিত কৰিব ৷

৬৩১ কোটি টকা ব্যয় সাপেক্ষে বগৰিজেঙৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য প্ৰকল্প সমূহে ভাৰত মাতৃৰ বীৰ পুত্ৰ কুশল কোঁৱৰ আৰু জিণ্টু গগৈৰ গৃহ জিলাখনৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ পূৰামাত্ৰাই সক্ষম হ’ব বুলি উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই গোলাঘাট চহৰৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ এটি অনুষ্ঠানত অংশ লৈ দুপৰীয়া ঐতিহাসিক ৰহধলা পথাৰত উপস্থিত হৈ ধান কাটি থকা দাৱনি আৰু স্থানীয় মহিলা সকলৰ স’তে মতবিনিময় কৰে ৷

পথাৰতে মহিলা সকলে প্ৰস্তুত কৰা ৰবাবটেঙাৰ জুটি লৈ একেলগে দুপৰীয়া আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আটাইকেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰীসকল ক্ৰমে অজন্তা নেওগ,অতুল বৰা,কেশৱ মহন্ত,নন্দিতা গাৰ্লোচা,বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন,ভৱেন ভৰালী সহ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷

Exit mobile version