Cm Visit Biswanath Charali : বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্বনাথত মুখ্যমন্ত্ৰী

১২টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন

421189b6 79a4 4006 9735 ece8df768a36

Cm Visit Biswanath Charali :

যোৱা পাচঁ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা ”বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি দুপৰীয়াভাগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় উত্তৰ অসমৰ বিশ্বনাথত৷

মুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি জিলা খনৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ১২টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে ৷

উল্লেখ্য যে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তর্গত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱন, প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্প, পাভৈ (দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হ’ব লগা অসম আৰক্ষী বেটেলিয়ন কাৰ্যালয় প্ৰকল্প, বিশ্বনাথঘাটৰ পৰা পাণপুৰলৈ নিৰ্মাণ হ’ব লগা আঠ কিল’মিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰি আদিৰ উপৰি চতিয়া বিধানসভা সমষ্টিৰ দিকৰাই পাইকাৰী বজাৰৰ আধুনিকীকৰণ আৰু উন্নয়ন প্ৰকল্প, গহপুৰ বিধানসভা সমষ্টি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পহুকটা সংযোগী পাঁচ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ আৰু আমদৈগুৰি সংযোগী পাঁচ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ, সোলেঙী নদীৰ বাঁওপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ নিৰ্মাণ কাম আদি বহুকেইটা প্রকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

এই উপলক্ষে আয়োজিত সভাখনত মুখ্য অতিথি ৰূপে অংশ লৈ ভাষণত কয়, ৰাজ্য চৰকাৰে সমগ্ৰ অসমত এতিয়া বিকাশৰ চকৰি ঘূৰাব৷ৰাজ্যৰ কোনো এটা অঞ্চল বাদ নপৰাকৈ ‘ বিকাশৰ বাবে এটা পষেক’শীৰ্ষৰ কাৰ্যসূচীৰ জৰিয়তে সকলো উন্নয়নমূলক কাম তৰাম্বিত কৰিব ৷

উত্তৰ অসমৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ জিলাৰ অন্তর্গত মুঠ ২৪ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন লাভ কৰি থকা আইমাতৃসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি ১২৫০ টকাকৈ প্ৰদানৰ কথাও চিন্তা-চৰ্চা কৰি থকা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লৱলোচন দাস, বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী,উপায়ুক্ত- আৰক্ষী অধীক্ষক সহ চৰকাৰী বিষয়া-কৰ্মচাৰী প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।

Exit mobile version