Cought Relief : কাহৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব

Cold and cough remedy 4

Cought Relief  :

প্রচণ্ড ঠাণ্ডা অথবা ঋতু পৰিৱৰ্তনৰ সময়ত প্ৰায়ভাগ লোকে কাহত ভোগে। আনকি কিছুমানে কাহি কাহি অৱস্থা নাইকিয়া হয়। বেছিকৈ কাহিলে বুকুখন বিষাবলৈ ধৰে। কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি যদিহে কিছু সতর্কতা অৱলম্বন কৰা হয়। বিশেষকৈ শিশু আৰু বয়স্কলোকৰ ক্ষেত্ৰত সতৰ্কৰ্তাৰ খুবেই প্রয়োজন।

• ডিঙিৰ প্ৰা মিউকাছ বা শ্লেস্মা আঁতৰ কৰিবলৈ কুহুমীয়া পানীত সামান্য নিমখ মিহলাই কুলু কুলু কৰিব লাগে। কুহুমীয়া ৰঙা চাহৰেও (চেনিৰ পৰিৱৰ্তে সামান্য নিমখ মিহলাব) কুলু কুলু কৰিলে সুফল পোৱা যায়।

• নিশা শোৱাৰ সময়ত গাৰুটো ওখ কৰি ল’ব লাগে। কাহ হ’লে গাৰু ব্যৱহাৰ নকৰাকৈ শুলে বুকুত হেঁচা বেছিকৈ পৰে।

• যিবোৰ ব্যক্তিৰ ধূলি, গোন্ধ অথবা এলাৰ্জীৰ বাবে সঘনাই কাহ হৈ থাকে তেওঁলোকে তেনেধৰণৰ উৎসৰ পৰা আঁতৰি থকাটোৱে মংগলজনক।

• ৰঙা চাহত আদা উতলাই খালেও সুফল পোৱা যায়।
• ভুলতেও ঠাণ্ডা পানী নাখাব ৷ পাৰিলে কুহুমীয়া পানীৰে গা ধোৱাৰ ব্যৱস্থা কৰক।

• ডিঙিত সুৰসুৰণি হ’লে তেনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ‘মেন্থল’যুক্ত চকলেট খাব পাৰে।

• মটৰ চাইকেল, চাইকেল আদি চলাওতে বা উঠি গ’লে মুখত মাস্ক এখন ব্যৱহাৰ কৰাটো মংগলজনক।

• ধূমপানৰ অভ্যাস ত্যাগ কৰক। তদুপৰি ওচৰত কোনোবাই ধূমপান কৰিলেও বহু আঁতৰত থাকিব লাগে। কাৰণ পৰোক্ষভাৱে গ্ৰহণ কৰা ধৰ্মূপানৰ ধোঁৱায়েও কাহৰ সৃষ্টি কৰাৰ শংকা থাকে।

• ‘আপাৰ ৰেছপিৰেটৰী ট্রেক ইনফেকচন’ বা শ্বাস-প্রশ্বাসৰ ওপৰ অংশত হোৱা সংক্ৰমণৰ বাবেও কাহ হ’ব পাৰে। এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ ‘চিকেন চুপ’ খাওক।

• ঠাণ্ডা দিনত গৰমপানী ব্যৱহাৰ কৰক। বেছিকৈ ধূলি উৰিলে ঘূৰা-ফুৰাৰ ক্ষেত্ৰত সতৰ্ক হ’বই লাগিব।

Exit mobile version