Hair Care Tips : চেম্প্যু কৰাৰ সময়ত ভুলতো এইকেইটা কাম নকৰিব !

51ca9de5 37d9 4c9e 987f 85c022099765

Hair Care Tips :

সৌন্দৰ্যৰ অন্যতম আকৰ্ষণ হৈছে চুলিকোছা । কিদৰে আমি মূৰৰ চুলিকোছা গোটেই জীৱন অক্ষুন্ন কৰি ৰাখিব পাৰো , সেই তাগিদাতে আমি সপ্তাহত দুই বা তিনিবাৰ পৰ্যন্ত চেম্প্যু কৰি চুলিৰ পৰিচৰ্যা কৰো ।

কিন্তু আমি চুলিৰ যত্ন ল’বলৈ গৈ অজানিতে চুলিৰ ক্ষতি কৰি আছো নেকি ? এই ভুল কৰা আগে আমি কিন্তু সতৰ্ক হোৱাটো খুবেই জৰুৰী । সেইয়েহে চেম্প্যু কৰাৰ সময়ত কোনকেইটা কাম আমি কৰিব নেলাগে ।

# চেম্প্যু কৰাৰ সময়ত বহুতেই চুলিত তেল ঘঁহি চেম্প্যু কৰে । কিন্তু এই নিয়ম অতিকে বেয়া । কেতিয়াও চেম্প্যু কৰাৰ আগত চুলিত তেল ঘঁহিব নেলাগে । এনে কৰিলে চুলিত ময়লা লাগি থাকে ।

# বহুতেই চেম্প্যু কৰাৰ আগে চুলি ভালকৈ নোধোৱে । এইকাম কেতিয়াও কৰিব নেলাগে । আচলতে মূৰ ধোৱাৰ পিছতহে চেম্প্যু কৰিব লাগে । পাৰিলে অন্তত দুবাৰ মূৰ ধোৱাৰ পিছতহে চেম্প্যু কৰব লাগে ।

153398174

# কেতিয়াও চেম্প্যু কৰোতে জোৰকৈ ঘঁহিব নেলাগে । আচলতে চেম্প্যু কৰোতে সাধাৰণভাৱে মালিচ কৰিলেই চুলিৰ গুৰি সুন্দৰকৈ পৰিষ্কাৰ হয় লগতে চুলিৰ গুৰিও মজবুত হৈ থাকে ।

# বহুতেই আক’ নেজানে যে কণ্ডিচনাৰ ব্যৱহাৰ কৰোতে চুলিৰ গুৰিত নহয়, আগতহে ঘঁহিব লাগে । চুলিৰ আগত কণ্ডিচনাৰ ঘঁহিলে চুলি কোমল হয় । বিপৰীতে চুলিৰ গুৰিত ঘঁহিলে চুলিৰ গুৰিটো কোমল হৈ চুলি সৰিব পাৰে ।

# চেম্প্যু কৰাৰ পিছত চুলি কেতিয়াও জোৰকৈ মোচা উচিত নহয় লগতে চুলিৰ পানী শুকোৱাবলৈ কেতিয়াও টাৱেল বা গামোচৰে চুলি কোবোৱা উচিত নহয় । এনে কৰিলে চুলি সৰাৰ সম্ভাৱনা বৃদ্ধি পায় ।

# চেম্প্যু কৰাৰ পিছত কেতিয়াও তিতা চুলি আচুৰিব নেলাগে । এনে কৰিলে চুলিৰ গুৰিৰ ক্ষতি হয় ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও বিশেষ সমস্যাৰ সৃষ্টি হ’লে চিকিৎসকৰ সহায় লোৱাতো বাঞ্চণীয় ।

Exit mobile version