Qatar World Cup 2022 : কাটাৰ বিশ্বকাপ প্ৰত্যক্ষ কৰি বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহিয়ে ধন্যবাদ জনালে ফিফাৰ সভাপতিক :

d02b8111 369d 4fdf 9025 bda659da178b

Qatar World Cup 2022 :

কাটাৰ বিশ্বকাপ প্ৰত্যক্ষ কৰি বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহিয়ে ধন্যবাদ জনালে ফিফাৰ সভাপতিক :
ফিফাৰ সভাপতি জান্নি ইনফান্তিনোক ধন্যবাদ জনাইছে বলীউডৰ নৃত্যশিল্পী তথা অভিনেত্ৰী ও মৰক্কোৰ বংশোদ্ভূত নোৰা ফাতেহিয়ে ।

বৃহস্পতিবাৰে নোৰাই নিজৰ চ’ছিয়েল মিডিয়াৰ একাউণ্টৰ যোগেদি জান্নি ইনফান্তিনোৰ লগত উঠা একপি ফটো চেয়াৰ কৰি এটা পষ্ট কৰে । পষ্টটোত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কয় যে , পৰ্তুগাল বনাম উৰুগুৱেৰ মাজত হোৱা খেল উপভোগৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰে ।

সেইবাবেহে নোৰাক ষ্টেডিয়ামত খেল উপভোগ কৰা অৱস্থাত দেখা গৈছিল । যাৰবাবে নোৰাই ফিফাৰ সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । এইয়া হৈছে আমাৰ বিশ্বকাপ ফুটবল চোৱাৰ প্ৰথম অভিজ্ঞতা ।

ইফালে ২০১০ চনত মৰক্কো বংশোদ্ভূত ফাতেহিৰ দেশ মৰক্কোয়ে অবিশ্বাস্যভাৱে বিশ্বকাপজয়ী স্পেইনক ট্ৰাইবেকাৰক হৰুৱাইছিল । যিটো বৰ্তমানেও বিশ্বকাপ ফুটবলৰ এক বিস্ময়কৰ ঘটনা হিচপে বিবেচিত হৈ আহিছে ।

কাটাৰ বিশ্বকাপ দৰ্শন কৰি নিজৰ আনন্দ প্ৰকাশত কোনো কৃপণালি কৰা নাই অভিনেত্ৰীগৰাকীয়ে । বেলি নৃত্যৰ যোগেদি বিশ্ববাসীৰ চিনাকি হৈ পৰা নোৰা ডাঙৰ পৰ্দাৰ পৰা টিভিৰ ৰিয়েলিটিৰ শ্ব’ৰ সৰ্বত্ৰই অতি উন্নত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে , ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপৰ মুখ্য সংগীততো নোৰাই অংশগ্ৰহণ কৰিছে । বিশেষকৈ দিন যোৱাৰ লগে লগেই নোৰাৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মৰক্কোৰ জয়ৰ কাৰণে পুনৰ বেলি ডান্স দেখাৰ সুযোগ পালে অনুৰাগীয়ে ।

মঙলবাৰে স্পেইনৰ বিৰুদ্ধে হোৱা যুঁজত মৰক্কোয়ে অনবদ্য পাৰদৰ্শিতা প্ৰদৰ্শন কৰি পেনাল্টি কিকেৰে জয়ৰ সোৱাদ লাভ কৰিছিল ।

Exit mobile version