India-Russia : ইৰাক-ছৌদি আৰৱকো পিছ পেলালে ৰাছিয়াই

পুটিনৰ দেশৰ পৰাই সৰ্বাধিক তেল ক্ৰয় কৰিছে ভাৰতে

20211122 oil

India-Russia :

ভাৰতক সৰ্বাধিক তেল সৰবৰাহ কৰা ইৰাক আৰু ছৌদি আৰবক পিছ পেলালে ৰাছিয়াই । অক্টোবৰৰ পৰা নৱেম্বৰতো ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা সৰ্বাধিক তেল আমদানি কৰিছে ভাৰতে ।

চলিত বছৰৰ মার্চ পর্যন্ত আমদানিকৃত তেলৰ মাত্র ০.২ শতাংশ আহে ৰাছিয়াৰ পৰা । সেই অংক বিপুলভাৱে সলনি হৈছে নৱেম্বৰত । এই দাবী কৰা হ’ল সাম্প্রতিক প্ৰতিবেদনত ।

ভৰটেক্সা নামক এটা সংস্থাৰ প্ৰতিবেদনত দাবী কৰা হৈছে, নৱেম্বৰত ৰাছিয়াৰ পৰা দিনে ৯,০৯,৪০৩ বেৰেল অপৰিশোধিত তেল আমদানি কৰিছে ভাৰতে । আনহাতে, ইৰাকৰ পৰা দিনে ৮,৬১,৪৬১ বেৰেল আৰু ছৌদি আৰৱৰ পৰা ৫,৭০,৯২২ বেৰেল তেল আমদানি কৰা হৈছে ।

যোৱা ফেব্রুৱাৰীত ইউক্রেইন ৰাছিয়াৰ সামৰিক অভিযান আৰম্ভ হোৱাৰ পাছতেই পুটিনৰ দেশক অর্থনৈতিকভাৱে চাপত ৰাখিবলৈ তেওঁলোকৰ তেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে পশ্চিমীয়া বিশ্বৰ দেশসমূহে ।

ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ৰাছিয়াও তেলৰ দাম বিপুল হাৰত কমাই দিয়ে । তাৰ পাছৰ পৰাই ৰুছ তেলৰ ওপৰত ভাৰতৰ নির্ভৰতা বৃদ্ধি পায় ।

বিগত বছৰৰ ডিচেম্বৰত ৰাছিয়াৰ পৰা দিনে মাত্র ৩৬,২৫৫ বেৰেল তেল আমদানি কৰছিল ভাৰতে । আনহাতে, ইৰাক আৰু ছৌদি আৰৱৰ পৰা আহে যথাক্রমে প্রায় ১০ লাখ আৰু চাৰে ন লাখ বেৰেল ।

ইউক্রেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই এই পৰিসংখ্যা সলনি হ’বলৈ লয় । এপ্রিলত ৰাছিয়াৰ পৰা তেল আমদানি বৃদ্ধি পাই হয় দিনে আঢ়ৈ লাখ বেৰেলৰো অধিক । জুনত প্রায় চাৰে ন লাখৰো ওচৰা-ওচৰি হয় ।

ইউক্রেইনত আক্ৰমণৰ পাছতো কিয় ৰাছিয়াৰ পৰা তেল কিনিছে ভাৰতে, এই প্রশ্নত আন্তর্জাতিক মহলত তীব্র সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় নতুন দিল্লীয়ে । আগ্রাসক ৰাছিয়াক ভাৰতে সহায় কৰিছে, এনে অভিযোগো উত্থাপন হৈছিল ।

এতিয়াও যথেষ্ট চাপ আছে । জি-৫ গোষ্ঠীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধ্যতামূলক নিষেধাজ্ঞা জাপি দিয়াৰ চেষ্টা কৰিছে ভাৰতসহ একাধিক দেশৰ ওপৰত ।

এই বিতর্কৰ মাজতেই বৈদেশিক মন্ত্রী এছ জয়শংকৰে জনাইছিল, ইউৰোপে এটা সন্ধিয়াত ৰাছিয়াৰ পৰা যি পৰিমাণে তেল কিনে, ভাৰত সেয়া আমদানি কৰে এমাহত । তেওঁ বার্তা দিব বিচাৰিছিল যে, ইউৰোপৰ কোনো অধিকাৰেই নাই এই বিষয়ত ভাৰতক উপদেশ দিয়াৰ ।

কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰিয়েও মন্তব্য কৰে যে, তেল পোৱা গৈছে বাবে ভাৰত কিনিছে । প্রশ্নটো নৈতিকতাৰ নহয়, চাহিদাৰ । কিন্তু ইয়াৰ পাছতো বিতৰ্ক অব্যাহত থাকে । ইয়াৰ মাজতেই প্রকাশ্যত আহিল ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা এই প্ৰতিবেদন ।

Exit mobile version