Mumbai Crime News : চলন্ত গাড়ীৰ পৰা পেলাই দিলে শিশুক ! তাৰ পাছত মাতৃৰ ওপৰত চলালে যৌন নিৰ্যাতন

Child Hand Small Love Girl

Mumbai Crime News :

চলন্ত গাড়ীৰ পৰা এটি শিশুক দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে এদল দুস্কৃতিকাৰী বিৰুদ্ধে । লগতে গাড়ীৰ ভিতৰত শিশুটোৰ মাতৃক যৌন নিৰ্যাতন কৰি তেওঁকো গাড়ীৰ পৰা পেলাই দিয়া হ’ল। মহিলাগৰাকী প্ৰাণ ৰক্ষা পৰে যদিও গাড়ীৰ পৰা পৰি শিশুটোৰ মৃত্যু হয় ।

ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হয়। মুম্বাই-আহমেদাবাদ ঘাইপথৰ মাজেৰে গৈ থকা অৱস্থাত গাড়ীৰ পৰা পেলাই দিয়াৰ অভিযোগ উত্থাপন হয় ১০ মহীয়া কিশোৰীগৰাকীক ।

শনিবাৰে পুৱা, মহিলাগৰাকীয়ে এখন কেব ভাড়া কৰি তেওঁৰ জীয়েকক লৈ গৈছিল। গাড়ীত তেওঁ জীয়েকৰ বাহিৰেও অন্যান্য যাত্ৰীসকলো আছিল। তেওঁলোকে কেবখন শ্বেয়াৰত ভাড়ালৈ লৈছিল।

অভিযোগ কৰা হৈছে যে গাড়ীখনৰ চালক আৰু সহযাত্ৰীসকলে মহিলাগৰাকীক নিৰ্যাতন কৰে । শিশুটিক তেওঁৰ কোলাৰ পৰা কাঢ়ি লৈ খিৰিকীৰ বাহিৰলৈ দলিয়াই দিয়া হৈছিল।

মহিলাগৰাকীয়ে আৰক্ষীক কয় যে তেওঁক গাড়ীখনত অশালীন ব্যৱহাৰ কৰা হয়। শিশুটোক হাৰাশাস্তি কৰাত বাধা দিয়াৰ সময়ত তেওঁৰ কোলাৰ পৰা কাঢ়ি নিয়া হয় ।

একৰতিক চলন্ত গাড়ীৰ পৰা মাকৰ চকুৰ সন্মুখতে দলিয়াই দিয়া হয় । ঘটনাস্থলীতে শিশুটিৰ মৃত্যু হয়। আনহাতে, কিছু সময়ৰ পাছত মহিলাগৰাকীকো দুৰ্বৃত্তই গাড়ীৰ পৰা ঠেলি দিয়ে।

তেওঁ আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত মান্দাৱী আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। মহিলাগৰাকীৰ অভিযোগ আৰু বিবৃতিৰ ভিত্তিত এটা তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে বিচাৰি অপৰাধীক বিচাৰি আছে। বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Exit mobile version