Pilbhit : খাদ্যত চুলি পৰিলে ! খঙত পত্নীৰ মুণ্ডন কৰিলে স্বামীয়ে

1670753635 arrested

Pilbhit :

খাদ্যত চুলি পৰিল। সেই ‘ অপৰাধ’ ত এগৰাকী মহিলাক মুণ্ডন কৰাৰ অভিযোগ উঠিলে তেঁওৰ স্বামীৰ বিৰুদ্ধে । ঘটনাটো উত্তৰ প্ৰদেশৰ পিলিভিটৰ গজৰৌলা আৰক্ষী থানা অঞ্চলত সংঘটিত হয় ।

ADVERTISEMENT

মহিলাগৰাকীৰ অভিযোগ , সকলোৱে একেলগে খাবলৈ বহিছিল । সেই সময়ত, তেওঁৰ স্বামীয়ে খাদ্যত চুলি দেখে । কিয় খাদ্যত চুলি পৰিল, এই অভিযোগ তুলি তেওঁক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিলে ।

কেৱল সেয়াই নহয়, তেওঁ হাত ভৰি বান্ধি, মুখত কাপোৰ গুজি তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ ।

মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ শাহুৱেক আৰু ভায়েক থিয় হৈ আছিল আৰু মহিলাগৰাকীক মাৰ ধৰ কৰিবলৈ উছটনি দিছিল ।

যেতিয়া তেওঁ প্ৰতিবাদ কৰিবলৈ যায়, তেওঁৰ মুণ্ডন কৰা হয় । কেৱল সেয়াই নহয়, স্বামীয়ে তেওঁৰ স’তে বলপূৰ্বক ভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে ।

ইয়াৰ পাছতে যেতিয়া মহিলাগৰাকীয়ে ঘটনাটো তেওঁৰ পিতৃৰ ঘৰত বৰ্ণনা কৰে। তাৰ পাছত , তেঁওৰ পিতৃয়ে মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ স্বামী, শাহু আৰু ভায়েকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰে ।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ শহুৰেকে তেওঁৰ বিবাহৰ পাছৰে পৰা যৌতুকৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছিল। যৌতুক পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেওঁকো প্ৰহাৰ কৰা হয় ।

মহিলাগৰাকীয়ে এইটোও দাবী কৰে যে তেওঁক ঘৰৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিয়া হয়।

আৰক্ষীয়ে কয় যে, মহিলাগৰাকীৰ মুণ্ডন কৰা হৈছিল বুলি এটা অভিযোগ দাখিল কৰা হৈছে। মহিলাগৰাকীৰ স্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বাকীবোৰৰ সন্ধান চলি আছে।

Exit mobile version