Contract Killer Shot Dead :
লামডিঙত আৰক্ষীৰ এনকাউণ্টাৰত নিহত বহি:ৰাজ্যৰ কুখ্যাত অপৰাধী । আৰক্ষীৰ গুলীত নিহত অপৰাধীটো হ’ল বিহাৰৰ কন্টেক্ট কিলাৰ মোহন কুমাৰ ।
উল্লেখ্য যে অপৰাধীটো লামডিঙৰ অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তীক গুলীচালনাৰ ঘটনাৰ স’তে জড়িত আছিল ।
লামডিং আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা লামডিঙলৈ অনাৰ সময়তে মোহনে আদবাটতে আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৷
সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে অপৰাধীটোলৈ ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷পিছত আৰক্ষীয়ে মোহনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷
উল্লেখ্য যে পলায়ন কৰা অৱস্থাত বিহাৰৰ অপৰাধীটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলী কৰিছিল ৷সেই গুলী আৰক্ষীৰ বাহনত লাগে।
মৃত মোহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটা হস্তনিৰ্মিত পিষ্টল আৰু এটা পইন্ট থ্ৰি’ পিষ্টল।