Guwahati Child Missing :
স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে মহানগৰীত ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে ৷
অপৰাধ নগৰীত পৰিণত হৈছে গুৱাহাটী ৷
মহানগৰীত পুনৰ শিশু অপহৰণৰ চাঞ্চল্যকৰ ঘটনা ৷
মালিগাঁৱত শিশু অপহৰণৰ ঘটনা সংঘটিত হয় ৩৬ ঘটনা উকলি যোৱাৰ পিছতো শুংসূত্ৰ নাই চাৰিবছৰীয়া কন্যা শিশুৰ ৷ ঘৰৰ দুৱাৰমুখৰ পৰা নিৰুদেশ হয় কন্যা শিশুটি । এই ঘটনা সংঘটিত হয় মালিগাঁও আদৰ্শ কলনীত হৈছে ।
প্ৰাপ্ত তথ্যানুশসৰি কাপোৰ বিক্ৰী কৰিবলৈ অহা বেপৰী এজন শিশুটিৰ বাসগৃহলৈ আহিছিল ৷ বেপাৰীজন উভতি যোৱাৰ পিছতে হুৱাদুৱা লাগে ৷ গৃহস্থৰ কন্যা শিশুটি নিৰুদেশ হয় ৷ বেপাৰীজনে হাতত লৈ আনিছিল এটা ডাঙৰ মোনা ৷
সন্দেহ কৰা মতে বেপাৰীজনে শিশুটি অপহৰণ কৰি লৈ যায় ৷ কিয়নো বেপাৰীজন যোৱাৰ পিছৰে পৰা শিশুটি সন্ধানহীন হৈ আছে ৷
শনিবাৰে বিয়লী পৰা নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও ৩৬ ঘন্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই কন্যা শিশুটিৰ ৷
শিশু নিৰুদেশৰ এই ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হয় সমগ্ৰ মালিগাঁও অঞ্চলত ।
ঘৰৰ পদুলি মুখৰ পৰা নিৰুদ্দেশ হোৱা শিশুটি প্ৰকৃততে অপহৰণ নে আন কিবা ঘটনা নিহিত হৈ আছে এই সন্দৰ্ভত আৰক্ষীৰ মাৰাথন তদন্তইহে পোহৰলৈ আনিব সকলো তথ্য ৷