Sushant singh Rajput :
মুম্বাইৰ যিটো ফ্লেটত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুত্ৰ মৃতদেহ উদ্ধাৰ হৈছিল, সেই ফ্লেটটো বিগত আঢ়ৈ বছৰ ধৰি বিক্ৰীৰ চেষ্টা চলাই ব্যর্থ হ’ল ফ্লেটৰ গৰাকী।
কোনেও সুশান্তই বসবাস কৰা উক্ত ফ্লেট ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহিল। এইবাৰ ৰিয়েল এষ্টেট ব্যৱসায়ী ৰফিক মাৰ্চেণ্টে তেওঁৰ সামাজিক মাধ্যমৰ প্ৰফাইলত উক্ত ফ্লেট ভাড়ালৈ দিয়াৰ এক বিজ্ঞাপন প্রকাশ কৰিলে।
উক্ত বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি, মাহে পাঁচ লাখ টকাৰ বিনিময়ত মুম্বাইৰ উক্ত ফ্লেটটো ভাড়াত দিয়া হ’ব৷ ৰফিকে প্ৰকাশ কৰা অনুসৰি, উক্ত ফ্লেটৰ মালিক এজন প্রবাসী ভাৰতীয়।
গৰাকীয়ে এই ফ্লেটটো পুনৰ কোনো বলিউড তাৰকাক ভাড়ালৈ দিব বিচৰা নাই। কৰ্প’ৰেট জগতত কাম কৰা ব্যক্তিকহে উক্ত ফ্লেটৰ ভাড়াতীয়া হিচাপে অগ্ৰাধিকাৰ দিয়া হ’ব।
উল্লেখ্য যে ২০২০ৰ ১৪ জুনত অভিনেতা সুশান্তৰ চিপ লোৱা মৃতদেহ উক্ত ফ্লেটত উদ্ধাৰ হৈছিল।