Woman Voter : দেশৰ মহিলা ভোটদাতাৰ সংখ্যা ৪৮ শতাংশ, মহিলা বিধায়কৰ সংখ্যাৰ ১৫ শতাংশ

0dea55 bb3b86705c9a4818af3b9dcc2cf11e18 mv2

Woman Voter :

ভাৰতৰ মুঠ ভোটদাতাসকলৰ ৪৮ শতাংশ হৈছে মহিলা। কিন্তু ইমান বৃহৎ সংখ্যক মহিলা ভোটদাতা থকাৰ পাছতো দেশত বিধানসভালৈ নির্বাচিত হোৱা মহিলাৰ সংখ্যা বর্তমানেও ১৫ শতাংশৰ তলত আছে।

হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত এইবাৰ মাত্ৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিলে। গুজৰাটতো জয়লাভ কৰা মহিলা বিধায়িকাৰ সংখ্যা হৈছে মাত্র ১৫ গৰাকী।

দেশৰ আঠখন ৰাজ্যত ৫০ শতাংশতকৈ অধিক মহিলা ভোটাৰ থকাৰ পাছতো উক্ত ৰাজ্যকেইখনত মহিলা বিধায়িকাৰ সংখ্যা হৈছে মাত্র পাঁচৰ পৰা আঠ শতাংশ।

মিজোৰামত ৫১ শতাংশ মহিলা ভোটাৰ থকাৰ পাছতো ৰাজ্যখনত নাই এগৰাকী মহিলা বিধায়িকা। নাগালেণ্ডতো কোনো মহিলা বিধায়ক নাই। একেদৰে লোকসভাত মাত্র ১৪.৯৪ শতাংশ আৰু ৰাজ্যসভাত ১৪.০৫ শতাংশহে হৈছে মহিলা সাংসদ।

দেশৰ ২৯ ৰাজ্যত মুঠ ৩৯৫৬ বিধায়কৰ মাজত আছে মাত্র ৩৫২ মহিলা বিধায়িকা। ইয়াৰে ১২২ গৰাকী বিজেপিৰ, ৬৯ গৰাকী কংগ্ৰেছৰ আৰু ১৬১ অন্যান্য দলৰ।

নখন ৰাজ্যত বিজেপিৰ আৰু ১০ খন ৰাজ্যত কংগ্ৰেছে এগৰাকীও মহিলা বিধায়ক নাই। পশ্চিম বংগত তৃণমূল কংগ্ৰেছে ৩৩ মহিলা বিধায়িকা আছে।

Exit mobile version