Child Marriage : নগাঁৱৰ বিবাহস্থলী এখনত হুৱাদুৱা

বিবাহস্থলীৰ পলায়ন কইনাসহ পিতৃ-মাতৃৰ, বিয়াঘৰত উপস্থিত নহ'ল বৰযাত্ৰী

Child Marriage :

এখন বিবাহ চলি আছে ৷ কিন্তু বিবাহস্থলীৰ পৰা হঠাতে পলায়ন কৰে কইনা, পিতৃ- মাতৃ আৰু আত্মীয়-স্বজন ৷ বিবাহৰ বাবে প্ৰস্তুত কৰা খাদ্যসম্ভাৰ পৰিত্যক্ত অৱস্থাত পৰি থাকিল টেবুলতে ৷ এই ঘটনা সংঘটিত হয় নগাঁও চহৰৰ উপকন্ঠ কাটিমাৰীত সোমবাৰে নিশা ৷

উল্লেখ্য যে বৰযাত্ৰী অহাৰ পূৰ্বে কইনাসহ পিতৃ-মাতৃ বিবাহবাহৰৰ পৰা পলায়ন কাৰক হৈছে আৰক্ষী ৷ হয়বৰগাঁও নগৰ আৰক্ষী বিশেষ সূত্ৰৰ পমখেদি বিবাহস্থলীত উপস্থিত হয়৷কিন্ত আৰক্ষী অহাৰ পূৰ্বে সকলো পলাই পতং দিয়ে ৷ পিছতে আৰক্ষীয়ে সোধপোছৰ বাবে কইনাৰ দুই আত্মীয়ক আটক কৰি নগাঁও সদৰ থানালৈ লৈ আনে ৷

প্ৰাপ্ত খবৰ মতে কাটিমাৰীৰ চহিদুল ইছলাম আৰু আৰ্জুৱা বেগমৰ কন্যাৰ বিবাহৰ দিন আছিল সোমবাৰে ৷ আনহাতে দৰাৰ ঘৰ জুৰীয়াৰ দ-গাঁৱত ৷

আৰক্ষীয়ে বিশেষ সূত্ৰৰ জৰিয়তে গম পাই যে কইনা নাবালিকা ৷ বিবাহৰ বাবে উপযুক্ত বয়স হোৱা নাই ৷

তেনেস্থলত এই বিবাহ আইনবহিৰ্ভূত ৷ এই বাল্যবিবাহৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে সোমবাৰে অৰ্তকিতে অভিযান চলাই কইনাৰ বিবাহবাহৰত ৷ আনকি আৰক্ষীয়ে বিবাহবাহৰত উপস্থিত হোৱাৰ পূৰ্বে কাটিমাৰি গাঁৱৰে কেইজনমান গঞাক সোধপোছৰ পৰা সকলো তথ্য আহৰণ কৰি নিশ্চিত হয় কইনা নাবালিকা ৷

ইয়াৰ পিছতে নিশাই কইনা ঘৰত উপস্থিত হয় আৰক্ষী৷কিন্ত আৰক্ষী অহাৰ পূৰ্বেই কইনাসহ পিতৃ-মাতৃ আৰু আত্মীয় বিবাহস্থলীৰ পৰা পলায়ন কৰে ৷ অৱশ্যে আৰক্ষীয়ে সোধপোছৰ বাবে কইনাৰ ককাক আৰু পেহাক এজন আটক কৰে ৷

Exit mobile version