Honey Bee Attack : মৰ্মান্তিক ঘটনা! মৌ-মাখিৰ আক্ৰমণত মহিলাৰ মৃত্যু

Honeybee

Honey Bee Attack :

কাছাৰৰ সোণাবাৰী ঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয় । মৌ-মাখিৰ কামোৰত মৃত্যু হয় এগৰাকী মহিলাৰ ৷

প্ৰাপ্ত খবৰ মতে, মবৰুণ নেছা বৰভূঞা নামৰ এগৰাকী মহিলা নিজৰ যাবতীয় কামকাজ সম্পন্ন কৰি নিজ গৃহলৈ আহি থকা সময়তে ৰাজপথত এজাক বৰ মৌ- মাখিৰ জাকে আক্ৰমণ কৰে ৷ মৌ- মাখিৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ পথৰ কাষৰ পুখুৰী এটাত জপিয়াই দিয়ে মহিলা গৰাকীয়ে ৷

পিছত মহিলা গৰাকীক পুখুৰীত অচেতন অৱস্থাত উদ্ধাৰ কৰে স্থানীয়লোকে ৷

বিষত জৰ্জড়িত মহিলা গৰাকী চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি যাবতীয় দৰৱ পাতি লৈ ঘৰলৈ আহে যদিও কেইঘন্টামান মুৰতে কৰুণ মৃত্যুত সাবটি লয় দুৰ্ভগীয়া মহিলা গৰাকীয়ে ৷

সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে কাছাৰৰ সোণাবাৰী ঘাটত৷

উল্লেখ্য মহিলা গৰাকীক মৌ- মাখিয়ে আক্ৰমণৰ ঘটনা বন্দী হয় চিচিটিভিত ৷ মৌ- মাখিৰ আক্ৰমণত আহত হয় আন এঘাৰজনলোক ৷

Exit mobile version