Zika Virus : কৰ্ণাটকত জিকা ভাইৰাছ !

পাঁচ বছৰীয়া কন্যা শিশুৰ দেহত জিকা ভাইৰাছ

IMG iStock 1405461058 2 1 36A6T7FQ

Zika Virus :

কৰ্ণাটকত ধৰা পৰিল প্ৰথমটো জিকা ভাইৰাছৰ ঘটনা ৷ এগৰাকী পাঁচ বছৰীয়া কন্যা শিশুৰ শৰীৰত ধৰা পৰে জিকা ভাইৰাছৰ উপস্থিতি ৷

ইতিমধ্যে জিকা ভাইৰাছৰ আক্ৰান্তৰ পিছতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কে সুধাকৰে সংবাদ মাধ্যমক সদৰি কৰি কয়, এগৰাকী কন্যা শিশু জিকা ভাইৰাছত আক্ৰান্ত হৈছে ৷

ইয়াৰ পূৰ্বে জিকা ভাইৰেছৰ তিনিজন ৰোগীৰ তেজৰ নমুনা পুণে পৰীক্ষাগাৰলৈ পঠিওৱা হৈছিল ৷

পাঁচ ডিচেম্বৰৰ পৰীক্ষাগাৰৰ পৰা অহা ফলাফলত দুজনৰ নিগেটিভ হোৱাৰ বিপৰীতে এগৰাকী পাঁচবছৰীয়া কন্যা শিশুৰ পজিটিভ আহে ৷

ইয়াৰ পিছতে ৰাজ্য স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰে ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই ৷ আক্ৰান্ত শিশুটি বৰ্তমান সংকটমুক্ত ৷

আনহাতে চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ লৈছে ৷ এই সন্দৰ্ভত বিভাগীয় নিৰ্দেশনা জাৰি কৰা হ’ব উল্লেখ কৰে মন্ত্ৰী ৷

Exit mobile version